সমললৈ যাওক

পৃষ্ঠা:সভাপতিৰ অভিভাষণ.pdf/৩৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
অসম সাহিত্য সভাৰ কর্তব্য


যুগুত, আৰু অসমীয়া সাহিত্যত এম-এ পঢ়ুৱাবলৈ যাতে শীঘ্ৰে বন্দবস্ত হয়, তাৰ চেষ্টা কৰা উচিত। অসমৰ হাবিয়ে-বননিয়ে পৰ্বতে-কন্দৰে প্ৰাচীন ইতিহাসৰ অসংখ্য অনাবিস্কৃত উপাদান পৰি আছে, সেইবোৰ উদ্ঘাটিত হলে ভাৰতীয় সভ্যতাৰ প্ৰাচীন ইতিহাসৰ এক অভিনৱ কাণ্ড সাধিত হব। আমাৰ এই সভাৰ সেই ফালেও লক্ষ্য থকাটো উচিত। অসমীয়া ভাষা আৰু সাহিত্যৰ বিষয়ে যাতে দুখন ভাল ইতিহাস লিখিত হয় – অৰ্থাৎ এখন historicai আনখন philolo- gical এই সভাই সেইটোৰো চেষ্টা কৰাটো ভাল বুলি মোৰ মনত খেলায়। বিশেষকৈ দৰ্কাৰ অসমত প্ৰাথমিক শিক্ষা বিস্তাৰ! আমাৰ এই সাহিত্য সভাই সেই কাৰ্য্যৰ অৰ্থে বিশেষকৈ চেষ্টা কৰাটো মই উচিত বিবেচনা কৰো। নিজৰ জাতীয় গৌৰৱৰ বিষয়ে আৰু কেনেকৈ সেই জাতীয় গৌৰৱৰ ৰক্ষা কৰিব পাৰি; কি কি কাৰণত আমি পূৰ্ব্বৰ জাতীয় গৌৰৱৰ অৱস্থাৰপৰা খহি পৰি এই শোচনীয় অৱস্থাত পৰিছোহি, কি কি উপায় অবলম্বন কৰিলে, কোন কোনবোৰ ভুল- ভ্ৰান্তি সংশোধন কৰিলে আমি সেই হেৰোৱা গৌৰৱ পুনৰ লাভ কৰিব পাৰিম ইত্যাদি বিষয় উজুভাৱে সৰ্ব্বসাধাৰণক শিক্ষা দি বুজোৱাটো শিক্ষিত আৰু জনা-বুজাসকলৰ কাম। নিজৰ দেশৰ বস্তুলৈ হেঁপাহ বঢ়োৱা, নিজক নিজে চিনি পোৱা, আৰু নিজক নাপাহৰা, স্বদেশৰ সকলো ভাল বিষয়তে গৌৰৱ অনুভৱ কৰা, নিজৰ ভৰিত ভিৰ দি, আত্মসন্মান, আত্মমৰ্য্যাদা নিখুঁট ৰাখি মানুহ হবলৈ শিকোৱাটো প্ৰাথমিক, মাধ্যমিক আৰু উচ্চশিক্ষাৰ প্ৰধান কাম;- প্ৰাথমিক শিক্ষাৰ ঘাইকৈ; কাৰণ, মনুষ্য জীৱনৰ এইবোৰেই প্ৰথম হয়। শিক্ষা নিজৰ দেশ, স্বভাৱ আৰু অৱস্থানুসাৰে হোৱাটোৱেই স্বভাৱৰ গতি; নোহোৱা- টোৱেহে ব্যতিক্ৰম, বা অতিক্ৰম, বা বিভছ বিক্ৰম। শিশুসাহিত্য গঠনৰ ফালেও এই সভাৰ মনযোগ আকৰ্ষিত হোৱাটা উচিত। শিশুসাহিত্যই