সকলে কৈ গৈছে। সেইদেখি নতুন আৰু কিবা কবলৈ আজিৰ
সভাপতিৰ নাইকিয়াৰ নিচিনাই হল। গতিকে পূৰ্ব্বপুৰুষসকলৰ
কথাকে দোহাৰি নকলে উপায় নাই। যথা—পুৰণি পুথি সংগ্ৰহ,
পুৰণি পুখি ছপা কৰি উলিওৱা, পুৰণি মুদ্ৰা, পুৰণি মৃত্তি প্ৰভৃতি
সংগ্ৰহ আৰু সেইবোৰৰ পৰা পুৰণি কালৰ তথ্য সংগ্ৰহ কৰিবৰ
নিমিত্তে উপযুক্ত মানুহৰ নিয়োগ। কোৱা বাহুল্য যে আমাৰ
দেশৰ মানুহে, ঘাইকৈ উঠি অহা ডেকাসকলে অসমৰ অতীত ইতিহাসৰ
বিষয়ে ভালকৈ জনা উচিত। জাতীয় জীৱনৰ সৌধ নিৰ্মাণ কৰিবলৈ
হলে, প্ৰথমতে ভেটি মাটিডোখৰৰ গঢ়-গতি চাই-বুজি লোৱা আৱশ্যক।
আগেয়ে আমাৰ নিজৰ কি কি আছিল, এতিয়া কিহৰ কিহৰ অভাৱ,
ইত্যাদি জ্ঞানৰ ভেটি ভাললৈ বান্ধি লোৱা নিতান্ত কৰ্ত্তব্য। সেই
জ্ঞানৰ ভেটি শকত হলে আজি নহয় কাইলৈ, কাইলৈ নহলে পৰহিলৈ
আমি তাৰ ওপৰত আমাৰ ভবিষ্যত জাতীয় জীৱনৰ উন্নত কৰ্ম্ম গাঁথি
লব পাৰিম। আমাৰ যে অতীত একেবাৰেই পেলাই দিবলগীয়া এনে
নহয়; বৰং একালত সি যে ভাৰতৰ সকলো উন্নত প্ৰদেশৰ নিচিনা
বা ততোধিক আছিল, সেইটো জগতৰ আগত দাঙিধৰা, আৰু সেই
ভাৰতে অনুপ্ৰাণিত হৈ নিজৰ জাতীয় জীৱন আৰু শকতকৈ গঢ়ি
লোৱা, আৰু অতীত আৰু বৰ্ত্তমান এই দুটাৰ মাজত সম্বন্ধ আৰু
সাম্য ৰাখি ভবিষ্যতৰ বাটেদি আগবঢ়া আমাৰ প্ৰধান কৰ্ত্তব্য।
অতীত ভবিষ্যতৰ ভৰিৰ ভূমি।
এই গুৱাহাটী নগৰত যি “মিউজিয়েম” অৰ্থাৎ যাদুঘৰৰ ভেটি উঠিছে, তাৰে সৈতে এই সাহিত্য-সভাৰ ঘনিষ্ঠ সম্পৰ্ক থকাটো বাঞ্ছনীয়। কটন কলেজত Ancient Indian history and culture অৰ্থাৎ প্ৰাচীন ভাৰতৰ ইতিহাসৰ শিক্ষা-দীক্ষাৰ চৰ্চ্চাৰ, Sanskrit histori - cal lecture অৰ্থাৎ সংস্কৃত সাহিত্যৰ বিষয়ে ঐতিহাসিক বক্তৃতাৰ