মোমায়েই মোমাই” এই বচনকে সাৰোগত কৰি, ভাৰতৰ পূব, পছিম,
উত্তৰ, দক্ষিণত, মূৰ দাঙি ওলোৱা উচ্চশিক্ষাৰ সেই ওখ গোঁজডাল
যেতিয়া অসমত পোতা হৈছে, তাক জোকাৰি-পোকাৰি কচালি হেঁচি
দিয়া হওক, সি ভালকৈ বহক, হেস্ত-নেস্ত যি হয় এটা হওক, আৰু
অসমীয়াইও সাধ্যমতে কাৱৈৰ জাকতে উজাওক। দেশত শিক্ষিত
মানুহৰ লেখ বাঢ়িলে সৰ্ব্বতোভাৱে বাট মুকলি হয়। পৃথিবীৰ নানা
জাতিৰ নানা ভাষাৰ ভাল ভাল কথা সংগ্ৰহ কৰি, সেইবোৰ পাৰিলে
একেবাৰেই নিজা সম্পত্তি কৰি জাতীয় সৰ্ব্বসাধাৰণৰ সহজে বোধগম্য
কৰি প্ৰচাৰ কৰাটো উচ্চশিক্ষিতসকলৰ কাম।অসমত আজিও এই
কাম হৈছে বুলি ভালকৈ কব নোৱাৰো।আমাক উচ্চশিক্ষিত
বিলনীয়া সৰহকৈ লাগে, নতুবা জগতৰ জ্ঞান-মন্দিৰৰ মাহ, চাউল, কল,
কুহিয়াৰ, পকামিঠৈ, কেমামিঠৈবোৰৰ বিলনীয়া বা দেউৰীৰ অভাৱত,
উচ্চশিক্ষা নোপোৱা আমাৰ সৰহভাগ মানুহে খাবলৈ নাপাব। অসমত
গুৰিডোখৰত গৱৰ্ণমেন্টে ভুল বাটেদি গৈ বঙলা ভাষা চলোৱাত আমাৰ
সাহিত্য আৰু ভাষাৰ এটা ডাঙৰ বিঘিনি ঘটিছিল, এই কথা আমি
ওপৰত উনুকিয়াই আহিছো। সেই বিঘিনিত পৰি অসমীয়া ভাষা
আৰু সাহিত্যই ভেটা পাইছিল, ঢকা খাইছিল আৰু আগবাঢ়িব
নোৱাৰি হুইকি পৰিছিল; আৰু সেইবাবে ইংৰাজ অধিকাৰৰ প্ৰায়
৩০।৪০ বছৰ অসমীয়া ভাষা আৰু সাহিত্যৰ পক্ষে বিফলেই গল বুলিব
লাগে। সেই বিঘিনি আঁতৰিল যেতিয়া, এই মুকলি ফৰকাল বতৰত
আমি সাহিত্যক্ষেত্ৰলৈ সঁচাকৈয়ে একাণপতীয়াকৈ হাল-কোৰ লৈ
যোৱা নাই কিয়? যাবৰ তো কেতিয়াবাই হল।
অসম সাহিত্য সভাৰ কৰ্ত্তব্য
অসম সাহিত্য সভাৰ কৰ্ত্তব্য
অসমীয়া ভাষা আৰু সাহিত্যৰ প্ৰতি অসম সাহিত্য সভাৰ কৰ্ত্তব্যৰ বিষয়ে অনেক কথা এই আসনৰপৰা বৰ্ত্তমান সভাপতিৰ পূৰ্ব্বপুৰুষ-