সমললৈ যাওক

পৃষ্ঠা:সভাপতিৰ অভিভাষণ.pdf/২৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২২
সভাপতিৰ অভিভাষণ


যাওঁ কৰি, কোনোটোৰে কেৰানীৰ কাপ কাণত গুজিছে, কোনোৱে দেৱানী-ফৌজদাৰী মোকৰ্দমা সাজিছে, গঢ়িছে, পিটিছে, আৰু তদন্ত কৰিছে; কোনোটোৱে অনাই-বনাই ফুৰি, কোনো এটা খালত পৰা জাতিক অদৃষ্টই কেনেকৈ পৰিহাস কৰে তাকে দেখুৱাইছে। ত্ৰেতা যুগত সোণৰ লঙ্কা পুৰি ছাই হোৱাৰ পিছত, যেতিয়া হনুমন্তই নিজৰ নেজৰ জুই নুমাব নোৱাৰি পেপুৱা লাগি বিচুৰ্ত্তি হৈছিল, তেতিয়া সীতা আয়ে লাহেকৈ মাত লগালে “কিয় হনুমন্ত বিচুত্তি হোৱা নেজৰ অগনি মুখে নুমুৱা॥”

 আজি আমাৰ এই জুই নুমাব কেনেকৈ তাৰ উপায় আমাক কৈ দিবলৈ অসম আই কলৈ গল? আই ওলাই আহা! আমাৰ সোণৰ অসম পুৰি ছন হলেই, এতিয়া আমিও যে পুৰি মৰিবলগীয়া হলোহঁক। আমাৰ এই অগনি এতিয়া কেনেকৈ নুমাওঁহক হে আইমাতৃ আমাক বুদ্ধি দিয়া।

 যাওক, দুখৰ কথা বৰ্ণাই থাকিলে আৰু কি হব। এই যুগৰ প্ৰাৰম্ভণিতে বেপিষ্ট খৃষ্টান মিশ্যনেৰী সকলৰ দ্বাৰাই "অৰুণোদয়” বাতৰি কাকতৰ প্ৰতিস্থাপন, আৰু প্ৰচলন; ইংৰাজী বাইবেলৰ অসমীয়া অনুবাদ; আৰু মিশ্যনেৰী সকলৰ উদ্যোগত যাদুৰাম ডেকা বৰুৱাৰ অসমীয়া অভিধান ৰচনা, বুনিয়ানৰ “পিলগ্ৰিম, প্ৰগ্ৰেছ” কিতাপৰ " যাত্ৰীকৰ যাত্ৰা” নাম দি অসমীয়ালৈ অনুবাদ, আৰু এনেকুৱা, কিছুমান ইংৰাজী কিতাপৰ অসমীয়া ভাষালৈ ভাঙনী সংসাধিত হৈছিল। ব্ৰন্সনৰ অসমীয়া-ইংৰাজী অভিধানো এই কালৰে; আৰু আনন্দৰাম ঢেকিয়াল ফুকনৰ কিতাপো এই যুগৰ আদিভাগৰ। আউনীআটীৰ অধিকাৰ প্ৰভু দত্তদেৱৰ “আসাম বিলাসিনী”, চিদানন্দ চৌধুৰীৰ “চিদানন্দ" প্ৰেছৰপৰা উলিওৱা কীৰ্ত্তনৰ অন্তৰ্গত “বলিচলন” পুথি প্ৰভৃতি এই যুগৰে প্ৰথম ছোৱাৰ কাৰ্য্য। ইয়াৰ পিছত অসমীয়া ভাষাৰ ওজা অমূল্য