সমললৈ যাওক

পৃষ্ঠা:সভাপতিৰ অভিভাষণ.pdf/২০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৬
সভাপতিৰ অভিভাষণ


সম্প্ৰতি আমাৰ মাহেকীয়া কাকত এখনত এজন মুছলমান সাহিত্যিক. ডেকাই এই বিষয়ে দুই-এটা প্ৰৱন্ধ লেখা আপোনাসকলে দেখিব পায়। আশা কৰে৷, তেওঁ এই কাৰ্য্যত আৰু আগুৱাব। এই ফাৰ্ছী আৰবী প্ৰভাৱ, আন কি, অসমৰ বৈষ্ণৱ যুগৰ মধ্যাহ্ন-মাৰ্তণ্ড শ্ৰী শংকৰদেৱ আৰু পূৰ্ণচন্দ্ৰ শ্ৰীমাধৱদেৱৰ ৰচনাতো বিচাৰি পোৱা যায়। উদাহৰণঃ:- কীৰ্ত্তনৰ বলিচলনত আছে--“"নিত্যে কৰে ওয়াচীল বাঙ্কী শ্ৰমাধৰদেৰব বৰগীতত আছে :⸺

 “হয়ো ভাই সা৭ৱধান!
গোবিন্দ ফৰমান।
নিকটে মিলয় জান।”

 মই আগেয়ে বক্তৃতা এটাত আসাম বূৰঞ্জীক সাত ভাগত ভগাই লৈ সেই সেই যুগৰ বুৰঞ্জাক আৰু সাহিতাৰ বিষয়ে অলপ-অচৰপ কৈছিলো। যেনে:-

 (১) অতীজৰপৰা কুৰুক্ষেত্ৰৰ যুদ্ধৰ সময়লৈকে।

 (২) কুৰুক্ষেত্ৰৰ যুদ্ধৰ সময়ৰপৰা খুঃ চতুৰ্ণ শতিকাৰ শেহলৈকে।

 (৩) চতুৰ্থ শতিকাৰ শেহৰপৰা সপ্তম শতিকাৰ মাজলৈকে।

 (৪) সপ্তম শতিকাৰ মাজৰপৰা দ্বাদশ শতিকাৰ মাজলৈকে।

 (৫) দ্বাদশ শতিকাৰ মাজৰপৰা পঞ্চদশ শতিকাৰ মাজলৈকে।

 (৬) পঞ্চদশ শতিকাৰ মাজৰপৰা যোড়শ শতিকাৰ মাজলৈকে।

 (৭) ঘোড়শ শতিকাৰ মাজৰপৰা বিংশ শতিকালৈকে।

 তেতিয়া ইচ্ছা আছিল, এই সাতোটা যুগৰ অসমীয়া বুৰঞ্জী আৰু সাহিত্য বিস্তৃতভাৱে আলোচনা কৰিম। অদৃষ্টৰ ঘাত-প্ৰতিঘাতত নানা প্ৰতিবন্ধক ওলাই সেই ইচ্ছা বিফল কৰিলে। প্ৰায় তেতিয়াৰে- পৰা মোৰ ভালকৈ লেখা-পঢ়াৰ চৰ্চাৰ ওখ আশা আৰু আকাঙ্ক্ষা মনতে মৰি আহিবলৈ ধৰিলে। শেহত কাপ এৰি হাতত কুঠাৰ