সমললৈ যাওক

পৃষ্ঠা:সভাপতিৰ অভিভাষণ.pdf/১০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
সভাপতিৰ অভিভাষণ


ভাষা কোৱা হয়। বডো ভাষাৰ ভিতৰত ব্ৰহ্মপুত্ৰ উপত্যকাৰ প্ৰায় সকলো অনাৰ্য্য-জাতিৰ ভাষা পৰে। উত্তৰ কাচাৰৰ ভাষাবোৰ, গাৰে পৰ্ব্বতবোৰত প্ৰচলিত ভাষাবোৰ, কছাৰী বা মেচ ভাষা, ৰাভা চুটীয়া, লালুং, ডিমাচা আদি ভাষা, বড়ো পৰিয়ালৰ ভিতৰুৱা। খৃষ্ট্ৰীয় ত্ৰয়োদশ শতিকাত, আৰু তাৰ পিছতো, টাই বা চীন ভাষাৰ ভিতৰুৱা ভাষা কওঁতাবিলাকো আসামত সোমালহি। এইদৰে নানা দেশৰ নানা জাতৰ নানা পৰিয়ালৰ আৰ্য্য অনাৰ্য্য মানুহ আসামলৈ আহি আসামত দীৰ্ঘকাল বাস কৰি অসমীয়া হৈছিল। আৰু এইদৰেই পিছৰ কালডোখৰতো, আন কি, আজিলৈকে, অসমীয়া জাতিৰ বৰজালখন গোঁথা হৈ আহিব লাগিছে। কনৌজীয়া, হিন্দুস্তানী, পঞ্জাব, বঙ্গালী, উড়িয়া নেপালী, গুজৰাটী আদিৰ পোহ পৰি অসমীয়া জাতিৰ কলেৱৰ দিনকদিনে বৃদ্ধি হোৱাটে! কোনে নাজানে? ক'ত বিজয়ী আহোম বংশৰ মানুহ, কত চিংফৌ, মৰাণ, নগা, মিকিৰ, মিৰি, দফলা, গাৰো, লাহে লাহে হিন্দুধৰ্ম আৰু হিন্দুৰ প্ৰভাৱৰ ভিতৰলৈ আহি, কোচ, কেওট, আদি জাতৰ ভিতৰত সোমাই চিন নাইকিয়া হৈ একেবাৰেই অসমীয়া হিন্দু হৈ অসমীয়া জাতক হৃষ্টপুষ্ট বলীষ্ঠ কৰিছে, তাৰ সীমা সংখ) নাই। এইদৰে মুছুলমানৰ আসাম আক্ৰমণৰ কালৰপৰা অনেক বিদেশী মুছলমান আহি অসমত বাস কৰি অসমীয়া জাতিৰ সংখ্যা আৰু বল বুদ্ধি কৰিব লাগিছে। "

 এই দেখি বাণ, নৰক, ভগদত্ত, ঘটোংকচৰ বীৰত্বত আমি নিজক যেনে গৌৰৱান্নিত বিবেচনা কৰো, আৰিমত্ত, জোঙালবলহু, ভাস্কৰ বৰ্মা, গদাধৰ সিংহ, লাচিত বৰফুকন আক মূলাগাভৰুৰ বীৰত্বতো তেনে গৌৰৱান্বিত বিবেচনা কৰো; কাৰণ এই সকলোবোৰ আমাৰ বুকুৰ বান্ধ অসমীয়া। অসমীয়া মানে কামৰূপীয়া, কামৰূপীয়া মানে অসমীয়া। পুৰণি কালত কামৰূপীয় মানে যেনেকৈ ভাটী আৰু উজনিৰে সৈতে