সম্মিলন প্ৰৱন্ধাবলী। পূৰ্ণ সেই বোৰেই সকলোৰে মনত বৰ ওখ ঠাই পায়। এই কেইফাকি কথাই স্পষ্টকৈ দেখুৱাই যে বাগভটৰ সময়তে, চৰক আৰু শুশ্ৰুত দুয়োখন সময়ৰ লগে লগে পুৰণি আৰু গতিকে বেছি প্ৰচলিত হই সকলোৰে মনত যথেষ্ট শ্ৰদ্ধাভ কৰিছিল। শুশ্ৰুতৰ সমালোচক সকল। তৰ বিষয়ে সবাতকৈ পুৰণি সমালোচনাৰ গ্ৰন্থখনৰ অলপ অংশ এতিয়াও পোৱা যায়। এই গ্ৰন্থখন ভানুমতী নামে চক্ৰপাণি দত্তই খুঃ আঃ ১০৬০ শকত লেখিছিল। মথুৰাৰ দাতি কাষৰীয়া কোনো এক ৰাজ্যৰ ৰজা "সহনপাল দেবৰ ৰাজত্ব কালত দন নামেৰে এজন সমা- লোকৰ দ্বাৰা লিখিত “নিবন্ধ সংহে” শুশ্ৰুতৰ এখন বিখ্যাত সমালোচ- নাৰ কিতাপ। দনে নিজে স্বীকাৰ কৰি গৈছে জেজ্জাত ( lejita) গয়াদা, ভাস্কৰ আৰু মাধব নামৰ তেওঁৰ আগৰ সমালোচক সকলৰ ওচৰত তেওঁ চিৰকৃতজ্ঞ। এই সমালোচক সকল কেতিয়' আছিল তা নিৰ্ণয় কৰা বৰ টান। অতীজৰে পৰা তখন বৰ সাৱধানে ৰক্ষা কৰা হৈছিল; গতিকে ই কালৰ কুটিল গতি আৰু নীচ মনৰ মানুহৰ ষড়যন্ত্ৰৰ হাতসাৰি আহি ছিল, দন্ধনে সুতৰ কোনো এক অংশৰ সততা স্বীকাৰ কৰিবলৈ অসম্মত হৈছিল কাৰণ তেওঁ কৈছিল যে তেওঁৰ আগৰ জেত নামৰ সমালোচক এজনে সেই বিষয়ে একো কোৱা নাই। শুশ্ৰুত লিখা শকৰ বিষয়ে Haas চাহাবৰ মত। যুৰোপৰ এক সম্প্ৰদায় পণ্ডিতে মাজে মাজে প্ৰমাণ কৰিব খোজে যে ভাৰতৰ আয়ুৰ্বেদ গ্ৰন্থধোৰ অলপ দিনৰ আগেয়ে লিখা হয়; গতিকে
পৃষ্ঠা:সন্মিলন-প্ৰবন্ধাৱলী,খণ্ড-৪.pdf/৩৮
অৱয়ব