পৃষ্ঠা:সন্তসাৰ.djvu/৩৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩১
সন্তসাৰ ৷

বশোদেব দৈবকীৰ শত সঙ্গ যে নাৰদ।
শত সঙ্গত পাৱে মহা ভকতি সম্পদ॥
কৃষ্ণ প্ৰতি ৰাজ পত্নী আছে যত য'ত।
দ্ৰৌপদীৰ শত সঙ্গ জানিবা সমস্ত॥১৬০॥
এহি মতে জাঁনা য'ত ভকত আছয়।
শত সঙ্গ হন্তে প্ৰেম ভকতি বাঢ়য়॥
মাধৱে বোলন্ত গোপাল নিশ্ছয়।
শত সঙ্গ বিহিলে লোক কৃতাৰ্থ হোৱয়॥১৬১॥
গুৰু শত সঙ্গ মূল শত সঙ্গ বোলয়।
ভক্তৰ শত সঙ্গ মূল জানিবা নিশ্ছয়॥
মাননি স্বরূপে যিতু ভক্তক মানয়।
তাৰ নাম অঞ্জনিয়া বোলিয়া কহয়॥১৬২॥
তাহাতে বুজয় ভক্তি নিতি যেন মত।
সবে বোধ পাই অঞ্জনীয়া ভকত’ত॥
এহি সাধু সঙ্গ জানিবাহা সাৰোদ্ধাৰ।
কহো আৰ সেতু কথা জানা নাৰদৰ॥১৬৩॥
যেন মতে ব্ৰহ্মাৰ কুলাত জাত ভৈলা!
পৰম ৰহস্য ধৰ্ম্ম ব্ৰহ্মাত পুছিলা॥
পূৰ্ব্বে শ্ৰীনাৰায়ণে ব্ৰহ্মাত কহিলা।
পৰম স্নেহত ব্ৰহ্মা নাৰদক দিলা॥ ১৬৪॥
নাৰদ সেৱাত তুস্ত ভৈলা সৃষ্টি কৰ।
এতেকে দিলন্ত জ্ঞান ভক্তি মনোহৰ॥