পৃষ্ঠা:সন্তসাৰ.djvu/৩৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৯
সন্তসাৰ ৷

বিৰিঞ্চিৰ আগে  ভাগৱত ধৰ্ম্ম,
 প্ৰপঞ্চিয়া কহিলন্ত॥১৪৯॥
সেহিতু কালত  অনন্তে শুনিলা,
 চাৰি সিদ্ধৰ আগে কৈলা।
চাৰি সিদ্ধ হন্তে  হংসায়ণে পালে,
 পাছে পৰাশয়ে লৈলা॥১৫০॥
শিয়ৰ সম্প্ৰদা  কেৱল ভকতি,
 অনন্তে নিৰ্গুণ কৈলা।
ভাগৱতি ধৰ্ম্ম,  ব্ৰহ্মাহন্তে শুনি,
 নাৰদে বাছিয়া লৈলা॥১৫১॥
কৰ্ম্ম যোগে ভক্তি  অনন্তে জানিল,
 তাকে লোকে কহিলন্ত।
শ্ৰীমন্ত শঙ্কৰে  কেৱল নিবৃতি,
 ধৰ্ম্ম পথ দেখালন্ত॥১৫২॥
এতেকে তোমাৰ  তিনিও শৰণ,
 কহিল তত্ব নিৰ্ণয়।
এহি ধৰ্ম্ম তিনি  কহিলো গোপাল,
 যিমতে লোক তৰয়॥১৫৩॥

----

পদ।

মাধৱে কহন্ত আৰ মহা ধৰ্ম্মচয়।
শুনি গোপালৰ মণে আনন্দ বিলয়।