পৃষ্ঠা:সটীক নাম-ঘোষা.pdf/৯৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৯৫
সটীক নামঘোষা

শান্তেহনন্ত মহিঘ্নি নিৰ্ম্মল চিদানন্দে তৰঙ্গাৰলৌ।
নিৰ্ম্মূক্তেহমৃত সাগৰাম্ভসি সমাল্বগ্নোপি নাচায্যতি॥৯৮

[ ৯৮ ]

শান্ত চিদানন্দ শুদ্ধ অনন্ত মহিমান্বিত
 নিৰ্ম্মল তৰঙ্গচয় হীন।
হেনয় পৰমানন্দ অমৃত সাগৰে মজি
 আচান্ত নকৰে বুদ্ধি ক্ষীণ॥

শান্ত-সমগুণযুক্ত, শিষ্ট॥( ইয়াত ইন্দ্ৰিয়াতীত বুজাইছে।)

চিদানন্দ-চিৎ (চৈতন্য বা জ্ঞান) স্বৰূপ আৰু আনন্দ স্বৰূপ যি চিত তেৱেঁই চিদানন্দ।

আচান্ত—আচমন, মুখধোৱা।

 পৰমেশ্বৰ ইন্দ্ৰিয়াতীত—ইন্দ্ৰিয়ই তেওঁক বশীভূত কৰিব নোৱাৰে। তেওঁ জ্ঞান স্বৰূপ, তেওঁ বিশুদ্ধ তেওঁৰ মহিমা অনন্ত আৰু তেওঁ ঢৌহীন নিৰ্ম্মল সাগৰৰদৰে গম্ভীৰ; এনে পৰম আনন্দদায়ক ভগৱানক ভক্তি কৰি ভক্তিৰসৰ সাগৰত মগ্ন হৈ আচমন নকৰা লোক (ভক্তিৰ ৰস পান নকৰা লোক) বুদ্ধিহীন অৰ্থাৎ বুদ্ধি থকা মানুহে এনে ভগৱানক ভক্তি নকৰি নাথাকে।

নিঃসাষে মৃগতৃষ্ণিকাৰ্ণৱ জলে শ্ৰান্তো বিমূঢ়ঃ।
পিৱত্যাচমত্যাহতেহভিৰমতে মজ্জত্যখোন্মজ্জতি॥৯৯