পৃষ্ঠা:সটীক নাম-ঘোষা.pdf/৯১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
সটীক নামঘোষা


পৰম পুৰুষ হৰি পৰম কাৰণ প্ৰভু
 পৰম ঈশ্বৰ ভগৱন্ত।
সদানন্দ সদাশিৱ সত্য সনাতন হৰি
 জয় জয় অচিন্ত্য অনন্ত॥

পৰৰ পুৰুষ-প্ৰধান পুৰুষ, পৰম, পৰমেশ্বৰ।
সনাল-চিৰস্থায়ী।
অনন্ত-অক্ষয়, ব্ৰহ্ম।
পৰম কাৰণ—সৰ্বশ্ৰেষ্ঠ, মূল, সমস্তৰে মূল; যাৰ পৰাই সকলো

উদ্ভৱ হৈছে।

 হে প্ৰভু ভগৱন্ত, তুমি সকলোতকৈ ডাঙৰ, তোমাৰ পৰাই বিশ্ব উদ্ভৱ হৈছে। তুমিয়েই সকলোৰে গৰাকী, তুমি আনন্দময়; কিয়নো দুখ বেজাৰ আদি ভাৱে তোমাক পৰশিব নোৱাৰে;তুমি মঙ্গলময় কিয়নো জগতৰ যিবোৰ হৈছে, সেইবোৰে জগতৰ হিতৰ বাহিৰে বেয়া কাম কৰা নাই। তুমি সত্য, কিয়নো বিশ্ব স্থায়ী নহয়— আজি আছে কালি নাই—এই বিশ্ব তোমাৰদ্বাৰা উদ্ভৱ হৈছে, মহা প্ৰলয়ৰ সময়ত তোমাতেই আশ্ৰয় লব। তুমি সনাতন, কিয়নো তুমি সৃষ্টিৰ আদিতে আছিল, এতিয়াও আৰু আছা, আগলৈও থাকিবা। হে অচিন্ত্য, (চিন্তা কৰি পাৰ নোপোৱা) অক্ষয় সংসাৰ দুখ হৰণ কৰোঁতা হৰি, তোমাৰ জয় হওক অৰ্থাৎ মোৰ গুণ-কীৰ্ত্তন শ্ৰেষ্ঠ বুলি যেন আমি সুদৃঢ় বিশ্বাসে লব পাৰোঁ, [ এনে কৃপা আমাক কৰা]।