পৃষ্ঠা:সটীক নাম-ঘোষা.pdf/৮৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮৩
সটীক নামঘোষা


যে তু ত্বদীয় চৰণাম্বুজ কোষ গন্ধং
 জিঘ্ৰন্তি কৰ্ণবিৱৰৈঃ শ্ৰুতিবাত নীতং।
ত্যক্তা গৃহীত চৰণাঃ পৰয়া চ তেষাং
 নাপৈষি নাথ, হৃদয়াম্বুৰুহাৎ স্বপুংসাং॥

(৮২-৮৪)

[৮২]

যিসব চতুৰ নৰে মাধৱৰ নাম-গুণ
 কীৰ্ত্তন কৰন্ত সাৱধানে।
দেৱৰ দেৱতা হৰি তাহাৰ হৃদয় এৰি
 যাইবাক নপাৰে আন স্থানে॥

 হৰিৰ নাম, গুণ, কীৰ্ত্তন কৰা চতুৰ লোকসকলে সাৱধানে অৰ্থাৎ সুদৃঢ় বিশ্বাস কৰি একান্ত মনে ঈশ গুণ-গান কৰে; তাৰ ফলত সকলো দেৱতাৰ প্ৰভু ভগৱন্ত পুৰুষ সেই ভক্ত লোকসকলৰ অন্তৰৰপৰা আন ঠাইলৈ যাব নোৱাৰে অৰ্থাৎ সেই ভক্তসকলে সিবিলাকৰ নিজ নিজ হৃদয়ত সদায় ভগৱানৰ অনুভৱ কৰি থাকিবলৈ পায়।

[৮৩]

যিটো দেৱ ভগৱন্ত বেদে যাক নজানন্ত
 তেন্তে নিজ কীৰ্ত্তনত বশ্য।
জানি মাধৱৰ নাম  কীৰ্ত্তন কৰিয়ো সদা
 ইটো সব শাস্ত্ৰৰ ৰহস্য॥