হৰি-কীৰ্ত্তনৰ মহা নিৰ্ভয় আনন্দে মজি
থাকে সুখে মুকুতি তেজিয়া।
অতি সুচতুৰ, জ্ঞানী লোকসকলে শাৰ গূঢ়-তত্ত্ব বুজি আশ্ৰয় লয় আৰু সংসাৰৰ বিপদ-আপদে চুব নোৱাৰা হৰি-কীৰ্ত্তনৰ আনন্দত ভোল গৈ [ অৰ্থাৎ হৰিনাম-কীৰ্ত্তন কৰিলে সংসাৰৰ দুখ-সুখে মানুহক পীড়িব নোৱাৰে, হৃদয়ত অপাৰ আনন্দ জন্মে; হৰি-কীৰ্ত্তন কৰোঁতালোকে আনন্দত ভোল গৈ ] মুক্তিকো কামনা নকৰি হৰিনাম-কীৰ্ত্তন কৰি পৰম সুখত থাকে।
প্ৰয়াগত: স্ববীৰ্য্যাণি তাথপাদ প্ৰিয়শ্ৰষাঃ।
আহুত ইবমে শীঘ্ৰং দৰ্শন: যাতি চেতসি॥৮১
[৮১ ]
গোবিন্দৰ নাম-গুণ কীৰ্ত্তন কৰন্তে জানা
কিঞ্চিতেকো নাহিকে প্ৰয়াস।
গুণলুব্ধ প্ৰভু হৰিত কীৰ্ত্তন কৰন্তে আসি
হৃদয়ত হোৱন্ত প্ৰকাশ।
ঈশ্বৰৰ নাম-গুণ, কীৰ্ত্তন কৰাত অলপো দুখ-কষ্ট নালাগে; ঈশ্বৰ গুণ-লুব্ধ, অৰ্থাৎ তেওঁৰ গুণ-পান কৰিলে তেওঁ ভাল পায়। একান্ত মনে তেওঁৰ নাম-কীৰ্ত্তন কৰি থাকোঁতে তেওঁ আহি হৃদয়ত দেখা দিয়ে অৰ্থাৎ ঈশ্বৰৰ নাম একান্ত মনে লৈ থাকোঁঁতে থাকোঁতে ভক্তে নিজৰ হৃদয়তে ঈশ্বৰক উপলব্ধি কৰিব পাৰে।