পৃষ্ঠা:সটীক নাম-ঘোষা.pdf/৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

8 সটীক নামঘোষা সৰ্বশক্তিমান, সৰ্ব্বত্ৰ স্বাধীন আদি হলেও তেওঁ নিজ ভকতৰ ব; অৰ্থাৎ পৰমেশ্বৰে একান্ত ভক্তৰ সকলো কামনা, সকলো প্ৰয়োজন সিদ্ধ কৰে, সকলো পাপ হৰণ কৰে। ভক্ত আৰু ভগৱান অভিন্ন; পৰমেশ্বৰৰ এই ভক্তাধীন ভাব লক্ষ্য কৰিয়েই ভক্তসকলে “গোপীৰ পাতেনি কান্ধত বহিলা হৰিএ” বুলি স্তুতি কৰে। সেই ভক্তাধীন ভগৱান পৰম দেৱতা যদুপতি বা কৃষ্ণক মই ভজনা কৰে। ঘোষাত পৰমেশ্বৰৰ আন নাম নিদি কৃষ্ণাৱতাৰসূচক যদুপতি নাম উল্লেখ কৰাৰো অৰ্থ আছে। পৰমেশ্বৰৰ শ্ৰীকৃষ্ণ অৱতাৰ ভক্তাধীন ভাব থাকিলেও কৃষ্ণাৱতাৰৰ নিচিনা পৰিস্ফুট নহয়। সেই কাৰণে মহাপুৰুষ শ্ৰীশ্ৰীমাধৱদেদেৱে ঘোষাত ঈশ্বৰৰ আন নাম নিদি কৃষ্ণ অৱতাৰচক “যদুপতি” নাম প্ৰয়োগ কৰিছে; আৰু ঘোত যদুপতি শব্দ প্ৰয়োগ কৰাৰপৰা ভক্তৰ উপাস্য যে সাকাৰ ভগৱান, তাকে ইঙ্গিত কৰিছে বা অৱতাৰ স্বীকাৰ কৰিছে। এইদৰে প্ৰথম ঘোষাতেই সমস্ত ঘেষা শাস্ত্ৰৰ সাৰমৰ্ম্ম নিহিত আছে। যানধেয়েন ভৱাব্ধি ত) সমুত্তীৰ্য্য নৰ পৰংপং। প্ৰাপ্লেতি পাতক্যপি তং সনাতনং সদা সদানন্দমুপাস্মহে হৃদি। [2] যাৰ ৰাম-কৃষ্ণ নাম নাৱে ভৱসিন্ধু তৰি পাৱে পৰম্পদ পাপী যত। সদানন্দ সনাতন হেনয় কৃষ্ণক সদা উপাসা কৰোহহ হৃদয়ত।