পৃষ্ঠা:সটীক নাম-ঘোষা.pdf/৭৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭২
সটীক নামঘোষা

[ ৬৬]

হে প্ৰভু ভগৱন্ত ইটো সংসাৰত যত
 আছে পাপী তাৰ মই সীমা।
চৰণে থাপিয়ো মোক পতিত পাৱন নিজ
 দেখায়োক নামৰ মহিমা॥

 হে ভগৱন্ত প্ৰভু, এই সংসাৰত যিমান পাপী আছে, ময়ে তাৰ ভিতৰত আটাইতকৈ বেচি পাপী; হে পতিত পাৱন, মোক তোমাৰ চৰণত আশ্ৰয় দিয়া, তোমাৰ নামৰ মাহাত্ম্য দেখুৱা; অৰ্থাৎ তুমি পতিত পাৱন—তোমাৰ নাম ললে পাপী উদ্ধাৰ হয়। মই হেন নিকৃষ্টতম পতিতক উদ্ধাৰ কৰি তোমাৰ পতিতপাৱন নাম সাৰ্থক কৰা।

জয় জয়াজিত জহ্যগজঙ্গমাবৃত্তিমজামুপনীত মৃষা গুণাম্‌।
নহি ভগৱন্তমৃতে প্ৰভৱন্ত্যমী নিগম গীত গুণাৰ্ণৱতা নব॥

(৬৭-৭১)

[ ৬৭]

তোমাত বিমুখ হৰি হৈবাক দেখিয়া মায়া
 মোৰ মতি কৰিলে মোহিত।
এবে হৰি তযু পদ সেৱাত যিমতে ৰহো
 হেন কৃপা কৰিতে উচিত॥