ভকত জনৰ বন্ধু কেৱল কৰুণা সিন্ধু
মোৰ গতি তোমাৰ চৰণে।
ব্ৰহ্মা, হৰ, ইন্দ্ৰ আদি দেৱতাসকলে যিজনত সদায় আশ্ৰয় লয়, ‘যিজনৰ বাহিৰে স্বৰ্গ, মৰ্ত্য, পাতাল তিনি লোকত আৰু শ্ৰেষ্ঠ নেতা নাই; হে হৰি। তুমিয়েই ভকতৰ বন্ধু আৰু পৰম কৃপালু সেই দেৱতা; তোমাৰ চৰণত মোৰ গতি হওক অৰ্থাৎ তুমি কৃপা কৰা, যেন মই তোমাক আশ্ৰয় কৰিব পাৰোঁ।
[ ৬৫ ]
নায়াৰ নিগ্ৰহে মই পৰম আতুৰ ভৈলো
প্ৰাণ যদুপতি জীৱন যদুপতি।
অনাথৰ নাথ হৰি তুমি কৃপাময় বিনে
মোৰ আৰ নাহি আন গতি।
নিগ্ৰহ-পীড়া।
হে মোৰ প্ৰাণ প্ৰিয়তম যদুপতি, মই মায়াত পৰি বৰ আতুৰ হলোঁ। { মোক স্ত্ৰী, পুত্ৰ, ধন আদিৰ মোহে এনেকৈ পীড়া কৰিছে, যেন কোনোমতে মোৰ মন সেইবোৰৰপৰা আনি তোমাৰ চিন্তাত লগাব নোৱাৰোঁ; সেইবোৰৰ চিন্তাতে মোৰ মন বৰ অস্থিৰ, মোৰ মনত অলপো শান্তি নাই।] হে সৰ্ব্বদুখ হৰণ কৰোতা হৰি! তুমিয়েই নিৰাশ্ৰয়ৰ আশ্ৰয় আৰু পৰম দয়ালু; তোমাৰ বাহিৰে মোৰ আৰু আশ্ৰয়ৰ স্থল নাই। [ প্ৰভু! মোক তুমি এনে কৃপা কৰা, যেন মই মোৰ মন সংসাৰৰপৰা আনি তোমাত লগাব পাৰোঁ। ]