এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
সটীক নামঘোষা
নাভাবাকৈ যেন মোৰ মন থাকিব নোৱাৰে; মোৰ ‘মই’ ভাৱ
যেন লোপ হয়। [ প্ৰভূ, তুমি মোক কৃপা কৰা, যেন মই তোমাক
নাভাবি থাকিব নোৱাৰা হওঁ; মোৰ ‘মইবৰ ভাৱ’ লোপ হয়
আৰু সি গৈ তোমাত মিলি যায়।
[ ৬৩]
নমো ৰাম কৃষ্ণ হৰি নাৰায়ণ নিৰঞ্জন
নমো দেৱ দৈৱকী দায়াদ।
পৰম অনাথ আমি তোমাৰ চৰণে নমি
মাগো প্ৰভু ভকতি প্ৰসাদ॥
দায়াদ—[ দায়—পৈত্ৰিক ধন,+আ+ দা= গ্ৰহণ কৰা।]
ধনভাগ, পুত্ৰ।
প্ৰসাদ—প্ৰসন্নতা, অনুগ্ৰহ, দেৱতা-গুৰুৰ খাই এৰা বস্তু।
হে ৰাম-কৃষ্ণ, হৰি নাৰায়ণ, নিৰঞ্জন, দৈৱকী-নন্দন, তোমাক
প্ৰণাম কৰো; মই অতি নিৰাশয়, প্ৰভু তোমাৰ চৰণত সেৱা কৰি
ভক্তি ৰূপ প্ৰসাদ ভিক্ষা কৰোঁ অৰ্থাৎ তোমাৰ আশ্ৰয় লৈ অতি
কাকুতি ভাৱে তোমাৰ ভক্তি পাবলৈ বাঞ্ছা কৰোঁ।
[ ৬৪ ]
ব্ৰহ্মা হৰ পুৰন্দৰ আদি দেৱ নিৰন্তৰ
যাত সদা পশয় শৰণে,
আন আৰ নাহি ত্ৰিভুৱনে।