পৃষ্ঠা:সটীক নাম-ঘোষা.pdf/৬৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৬৫
সটীক নামঘোষা


আগম-তন্ত্ৰাদি শাস্ত্ৰ, শিৱে কোৱা, পাৰ্ব্বতীয়ে শুনা আৰু বাসুদেৱে

অনুমোদন কৰা পুথি। ক্ৰিয়াকাণ্ড বুজোৱা বেদৰ অঙ্গবোৰ
বা কৰ্ম্মকাণ্ড।

নিগম-শ্ৰুতি বা বেদৰ জ্ঞানকাণ্ড ] বেদ, উপনিষদ।

 হে হৰি, বেদ, বেদান্ত, দৰ্শন, পুৰাণ, মহাভাৰত, ইতিহাস, তন্ত্ৰ, মন্ত্ৰ আদি বিভিন্ন বিভিন্ন শাস্ত্ৰত তোমাৰ বিভিন্ন প্ৰকাৰৰ বৰ্ণনা দি তোমাৰ নিগূঢ় তত্ত্ব প্ৰকাশ কৰিবলৈ চেষ্টা কৰিছে; কিন্তু তুমি যেন মহান আৰু সূক্ষ্মতম, তাৰু এই শাস্ত্ৰবোৰে কেনেকৈ প্ৰকাশ কৰিব? তোমাক লৈ বিভিন্ন শাস্ত্ৰে বিভিন্ন প্ৰকাৰ কেৱল তৰ্কবাদহে খেলাইছে। কোনো শাস্ত্ৰে কিন্তু তোমাৰ আচল স্বৰূপ প্ৰকাশ কৰিব পৰা নাই। [ বেদ-বেদান্ত আদি শাস্ত্ৰ জানিলে ঈশ্বৰক জানা ঈশ্বৰ জ্ঞান শাস্ত্ৰৰো অতীত; তেওঁ কেৱল অনুভৱৰ বস্তু; থাৎ ভক্তিৰেহে আৰ্জিব পৰা ধন।]

ভোগৈশ্বৰ্য্যমদোন্মত্ততত্ত্বজ্ঞানপৰাঙ্মুখ।
সংসাৰাখ্যে মহাপঙ্কে জীৰ্ণা গৌৰিব মজ্জতি॥৫৮

[ 8৮

ঐশ্বৰ্য্য ভোগৰ মদে মত্ত হুয়া ঈশ্বৰত
 পৰাঙ্মুখ ভৈল যিটোজন।
যেন জীৰ্ণা গাই অতিক দুৰ্ঘোৰ সংসাৰ মহা
পঙ্কে পৰি হোৱয় মগন॥