গুৰু বোলাই তথাপিতো ফুৰিয়া লোকৰ মাজে
মান্য সতকাৰ খুজি লয়।
লয়-তত্ত্ব, শাস্ত্ৰ-সমন্বয়।
[ এনে কিছুমান গুৰু-নামধাৰী লোক আছে ] তেওঁলোকে ধৰ্ম্ম শাস্ত্ৰবোৰৰ সামঞ্জস্য ঘটাব নোৱাৰে বা তত্ত্ব নুবুজে, মুখত যেতিয়াই যি আহে তাকে কয়, তেওঁলোকে মানুহৰ ( শিষ্যৰ ) মনৰ আশঙ্কাবোৰো আঁতৰাব নোৱাৰে; তথাপি এই নিচিনা ধৰ্ম্মতত্ত্ব নুবুজা মানুহেও নিজকে গুৰু বুলি দেখুৱাই লোক সমাজত ফুৰে; আৰু সকলোৰে পৰা মান সৎকাৰ পাবলৈ আশা কৰে। [ নিজে একো নাজানিলে, সাধাৰণ মানুহক ভুৱা দি নিজকে গুৰু বুলি চিনোৱা লোকবিলাক বঞ্চক।
বাচা বদেদ্ধবেৰ্ন্নাম চেতোহন্যো দেৱতাং ভজেৎ।
ন স সিদ্ধিমবাপ্নোতি তন্য ন তুষ্যতি হৰিঃ॥৫৬
[৫৬]
বচনে কেৱল মাত্ৰ হৰিত শৰণ লয়
চিত্তে আন দেৱক ভজয়।
জানিবাহা কদাচিতো সিদ্ধি সিটো নলভয়
হৰি তাৰ সন্তোষ নহয়॥
[ যি মানুহে মন থিৰ কৰি একান্তমনে ভগৱানক আশ্ৰয় নলয়, কেৱল কথাত ভগৱানক আশ্ৰয় কৰা দেখুৱায় অৰ্থাৎ মনত