পৃষ্ঠা:সটীক নাম-ঘোষা.pdf/৬৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬২
সটীক নামঘোষা

সত্বগুণৰ শাস্ত্ৰ যথা-বিষ্ণুপুৰাণ, নাৰদীয়, ভাগৱত, গীত, গৰুড় পুৰাণ, পদ্মপুৰাণ আদি।

তস্যোপদেশমাশ্ৰিত্য বহবো মনুজস্তদা।
ভৱবন্ধ বিনিৰ্ম্মূক্তা যান্যন্তি কেশৱালয়ম্‌॥

(৫৪-৫৫)

[ ৫৪ ]

শঙ্কৰে সংশয় ছেদি  শাস্ত্ৰৰ তত্ত্বক ভেদি
 প্ৰচাৰিলা কৃষ্ণৰ ভকতি।
তাঙ্ক এৰি কি কাৰণে  আনক বোলয় গুৰু
 কিনো লোক মহা মুঢ়মতি॥

 শ্ৰীমন্ত শঙ্কৰেহে বিভিন্ন শাস্ত্ৰৰ বিভিন্ন মতবোৰ বুজি সকলো সংশয় ভঞ্জন কৰি ( সকলোৰে সামঞ্জস্য ঘটাই ) একমাত্ৰ ভগৱন্তৰ ভক্তি জগতত প্ৰচাৰ কৰিলে; এনে অৱস্থাত সেই তত্ত্বজ্ঞ পুৰুষক গুৰু বুলি নধৰি তত্ত্ব অনভিজ্ঞ আনলোকৰ চাতুৰিত ভোল গৈ কিয় সিবিলাকক গুৰু বুলি ধৰে? মানুহবিলাক কি মহামূঢ়? [ গুৰু বুলিলে কেৱল মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰকে বুজিব লাগে। পৰৱৰ্ত্তী, উপদেশদাতাসকলেও শ্ৰীমন্ত শঙ্কৰকে গুৰু বুলি চিনাব লাগে।]

[৫৫]

নাজানে শাস্ত্ৰৰ লয়  যেহি আসে তাকে কয়
 ছেদিবাক নপাৰে সংশয়।