পৃষ্ঠা:সটীক নাম-ঘোষা.pdf/৬২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৮
সটীক নামঘোষা


সৰ্ব্বং ত্যক্ত্বা প্ৰাণৰোধে বন্ধু হৰিনামং স্মৰেৎ।
তন্নাম কলুষী কৃত্ব কিন্নু স্মৰন্তি সৰ্ব্বদা॥৪৯

[ ৪৯ ]

পৰলোক সময়ৰ  বান্ধৱ হৰিৰ নাম
 সব এৰি যিহেতু সুমৰে।
এতিক্ষণে কি কাৰণে হেনয় হৰিৰ নাম
 মলমতি নৰে নুসুমৰে॥

বান্ধৱ— লগৰীয়া, সম্বল।
 মৰণ কালত তপ, জপ, যজ্ঞ আদি আচৰণ কৰা সম্ভৱ নহয়, সেই সকলোকে মানুহে এৰি সেই সময়ত কেৱল হৰিনামহে লয়। হৰিনাম লৈয়েই জীৱে মুক্তি লাভ কৰে। এনে অৱস্থাত ভালে থকা সময়তনো কিয় পাপমতি মানুহে এনেকুৱা পৱিত্ৰ আৰু সহজ নাম লবলৈ হেলা কৰে?

অপহায় হৰেৰ্ন্নাম ঘোৰ সংসাৰ ভেষজং।
আত্মনো লভতে মুক্তিং কেনোপায়েন পণ্ডিত:॥ ৫০

[৫০ ]

দুৰ্ঘোৰ সংসাৰ ইটো  ব্যাধিৰ ঔষধ মহা
 ত্যজি হৰি-নামক সম্প্ৰতি।
কমন উপায়ে আন  পণ্ডিতসকলে আৱে
 লভিবেক আপোন মুকুতি॥