পৃষ্ঠা:সটীক নাম-ঘোষা.pdf/৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
সটীক নামঘোষা

 ভকতি—ভক্তি; ই নবিধ—শ্ৰৱণ, কীৰ্ত্তন, অৰ্চ্চন, বন্দন, দাস্য সখিত্ব, স্মৰণ, পদসেৱা আৰু আত্মনিবেদন।

 মুক্তি—পাঁচবিধ। যেনে—সালোক্য, সামীপ্য, সাষুজ্য, সাৰূপ্য আৰু লীন বা নিৰ্ব্বাণ।

 

মুক্তি সম্বন্ধে গীত।

(ৰাগ—বসন্ত)

মুকুতি নালাগে প্ৰভু ভুৱা পৰ্দ বিনা।
যাৰ যেন মন প্ৰভু জানাহা আপুনা॥
সালোক্য নালাগে প্ৰভু একে লোকে বাসা।
সমান ঐশ্বৰ্য্যশালী নকৰোহ আশা॥
নালাগে সামীপ্য প্ৰভু নিকটত স্থিত।
সাৰূপ্য সমান ৰূপ নকৰো বাঞ্ছিত।
সাষুজ্য আপোন মানি সুখ অভিপ্ৰায়।
চঞ্চল মুৰুখ মতি সনাতনে গায়॥

 ইহলৌকিক আৰু পাৰলৌকিক সকলো প্ৰকাৰ দুখৰ হাত এৰাই সকলো অৱস্থাতে অবিচলিত ভাৱে থকা অৱস্থাকে মুক্তি বোলে। সকলো সাধকৰ এই মুক্তিয়েই চৰম লক্ষ্য; মুক্ত হব পাৰিলেই সাধকৰ সকলো পুৰুষাৰ্থ সিদ্ধি হয়। আচলতে কবলৈ গলে এই মুক্তি সুখ-দুখৰ অতীত হোৱা এটা স্থূলবৎ অৱস্থা; এই অৱস্থা পালে সাধক অৱশ্যে সকলো সময়তে অনুদ্বিগ্ন আৰু অবিচলিত থাকিব পাৰে; কিন্তু জীৱৰ মুখ্য উদ্দেশ্য ৰস বা আনন্দ