পৃষ্ঠা:সটীক নাম-ঘোষা.pdf/৫৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৫
সটীক নামঘোষা


কুম্ভীপাক নৰক :-তপত তেলত পেলাই দিয়া নৰক। যি বৰ খঙাৰ

আৰু যি জীৱবিলাকৰ নিমিত্তে পশু বা পক্ষী মাৰি
ফুৰে, সি এই নৰকত পৰে।

অসিপত্ৰ নৰক :-যমদূতৰ প্ৰহাৰত পাপী অস্থিৰ। যিবিলাকে স্বধৰ্ম্ম

আৰু বেদপথ এৰে, সি এই নৰক ভোগ কৰে।

শূকৰমুখ নৰক :-যি ৰজা বা বিষয়াই দণ্ড পাবলগীয়া দোষীক দণ্ড

নিদিয়ে, সেই ৰজা বা বিষয়া এই নৰকত পৰে।
পাপীক ইয়াত কুঁহিয়াৰ শালত কুঁহিয়াৰ চেপাৰদৰে
চেপে।

বিশসন নৰক :— যি অহঙ্কাৰ কৰি নিজৰ গৌৰৱ বচাবলৈ যজ্ঞ কৰে

আৰু পশু বলি কাটে, সি এই নৰকত পৰে।
ইয়াত যমদূতে পাপী নানা ক্লেশ দি পাপীৰ
অঙ্গ ছেদ কৰে।

 যিবিলাক পুৰুষে অগম্যা স্ত্ৰী-গমন কৰে আৰু যিবিলাক স্ত্ৰী অগম্য পুৰুষৰ লগত সঙ্গম কৰে, পৰকালত এই দুইক যমদুতে প্ৰথমতে টঙনিয়ায়, পাচত পুৰুষক তপত লোৰ স্ত্ৰী-প্ৰতিমাৰে আৰু স্ত্ৰীক তপত লোৰ পুৰুষ-প্ৰতিমাৰে আলিঙ্গন কৰায়।

 [ ঈশ্বৰেহে গতি বা মুক্তি দিব পাৰে। আন দেৱ-দেৱীয়ে নোৱাৰে।] যি মানুহে পৰমেশ্বৰক আন দেৱ-দেৱীৰ সমান বুলি ভাৱে সি একো নাজানে আৰু অতি নীচ। সি হৰিক নভজাৰ কাৰণে মুক্তিলাভ কৰিব নোৱাৰে; পাপৰ ফলত কিছুদিন নৰক ভোগ কৰি আকৌ জন্ম ধৰে; এই জন্মতে বাসনাই লগ ধৰাত পুনৰ নৰক ভোগ কৰে, আকৌ জন্ম ধৰে। এইদৰে পাপ কৰ্ম্মৰ ফল ধৰূপ নানা যোনিত জন্ম লাভ কৰি অসংখ্য নৰক ভোগ