পৃষ্ঠা:সটীক নাম-ঘোষা.pdf/৫৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৩
সটীক নামঘোষা

শব্দ-ৰূপ, ধাতু-ৰূপ সাধি থাকিলে অৰ্থাৎ পাণ্ডিত্যৰে সি মুক্তি দিব নোৱাৰে। [ অথবা “কৃ” ধাতুৰপৰা সিদ্ধ হোৱা কৰ্ম্মই গতি দিব নোৱাৰে।] এই ঘোষাত মহাপুৰুষ মাধৱদেৱে তেওঁৰ সৈতে নানা খেলি মেলি ব্যাকৰণৰ তৰ্ক কৰা পণ্ডিতসকলক ইঙ্গিত কৰা যেনও বুজা যায়।

অন্য দেৱ সমং বিষ্ণুং যে বদন্ত্যল্পমেধসঃ
তেষাং বৈ নিয়ে বাসঃ পাপযোনিষু চোদ্ভৱঃ॥৪৬

[ ৪৬ ]

ঈশ্বৰ কৃষ্ণক যিটো  অন্য দেৱতাৰ সম
 বোলয় অধম মুঢ়মতি।
চৌৰাশী নৰক ভুঞ্জি  পাপৰ যোনিত সিটো
 অৱশ্যে হুইবেক উতপতি॥

পাপৰ যোনি- যোনিৰ পৰাই জন্ম লাভ কৰে; জন্মিলে পুনৰ বিষয়

বাসনাই লাগ দিয়ে; সেয়ে পাপৰ যোনি বুলিছে।

চৌৰাশী নৰক-নৰক পাপ ভোগৰ স্থান। মৃত্যুৰ পাচত যি ঠাইলৈ

গৈ পাপীবিলাকে পাপ ভোগ কৰিব লাগে। যেতিয়া
আমাৰ এই দেহ ভস্মীভূত হয়, তেতিয়া আমাৰ
সূক্ষ্ম শৰীৰে স্বৰ্গ-নৰক ভোগ কৰে। নৰকৰ
সংখ্যা সম্বন্ধে নানা শাস্ত্ৰৰ নানা মত। ভাগৱতৰ
মতে নৰক একৈশখন, ব্ৰহ্মবৈৱৰ্ত্ত পুৰাণৰ মতে