কৰে। সিংহৰ গোজৰণিত বাঘ-বাঘিণী আদি বনৰপৰা পলোৱাৰদৰে হৰি নাম-কীৰ্ত্তন কৰিলে তৰ্ক, তাৰ্কিক আৰু তৰ্কমতে চলা লোক- বিলাকৰ মনৰ অশঙ্কাবোৰ কেনিবা উফৰি যায়। [ হৰিনাম সুদৃঢ় বিশ্বাস কৰি একাংন্ত মনে কীৰ্ত্তন, জপ আৰু চিন্তা কৰিলে ব্ৰহ্মজ্ঞান উদয় হয়, তেতিয়া আৰু কোনো আশঙ্কাই হৃদয় অধিকাৰ কৰিব নোৱাৰে।]
স্মৰ গোবিন্দং বদ গোবিন্দং ভজ গোবিন্দং মূঢ়মতে।
প্ৰাপ্তে সন্নিহিতে মৰণে ন হি ন হি ৰক্ষতি ডুকঞ্ কাৰণে॥৪৫
[ ৪৫ ]
স্মৰহু গোবিন্দ মূঢ় বোলহু গোবিন্দ মূঢ়
ভজহু গোবিন্দ সৰ্ব্বক্ষণে।
মৰণ সময় পাইলে গোবিন্দেসে ৰাখিবন্ত
নাৰাখিবে “ডুকৃঞ্” কাৰণে॥
গোবিন্দ —[গো-বেদ, গায়ত্ৰী; বিদ-জানা ] ঈশ্বৰ।
“ডুকৃঞ্” কাৰণে- (ব্যাকৰণ সিদ্ধ ধাতুপাঠ) কৰ্ম্মাথক “কৃ” ধাতু।
হে মূঢ়, গোবিন্দক স্মৰণ কৰে, গোবিন্দৰ নাম উচ্চাৰণ কৰ আৰু
গোবিৰ্ন্দক সদায় আশ্ৰয় কৰ; ব্যাকৰণত পাৰ্গত হৈ “কৃ” ধাতুৰ
ৰূপ সাধিব পৰা হলেও অৰ্থাৎ অকল শাস্ত্ৰাদিত পণ্ডিত হলেও
গতি পাব নোৱাৰ; কিয়নো পৰমেশ্বৰক আশ্ৰয় কৰি তেওঁৰ নাম
লৈ লৈ থাকিলেহে মৃত্যুৰ পাচত তেওঁ গতি দিয়ে। অকল ব্যাকৰণৰ