পৃষ্ঠা:সটীক নাম-ঘোষা.pdf/৫১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৪৭
সটীক নামঘোষা

[৪১]

আত্ম ঈশ্বৰক লাগ  প্ৰত্যক্ষে সততে পায়,
 নাপায় জানা তাঙ্ক অবিদ্যাত।
অবিদ্যা নাশিলে লাগ  কৃষ্ণক পাৱয় যেন
 কণ্ঠলগ্ন বস্তুক সাক্ষাত॥

 [ ব্ৰহ্মাণ্ডৰ চেতন অচেতন যিমানবোৰ বস্তু আছে, সকলোবোৰৰ সত্তা ভগৱান। ভগৱান শক্তিৰ আত্ম-স্বৰূপ। তেৱেঁই বিবিধ প্ৰকাৰে এই সৃষ্টি কৰি প্ৰাণীৰ কুটস্থ চৈতন্য ৰূপে আছে। এই জীৱ চৈতন্যই জীৱাত্মা। আত্মাৰ আশ্ৰয়স্থান দেহ। দেহ তিনি বিধ—স্থূল দেহ, সূক্ষ্ম দেহ আৰু কাৰণ দেহ। ভৌতিক আৱৰণক স্থূল দেহ বা শৰীৰ বোলে। জ্ঞানেন্দ্ৰিয়, কৰ্ম্মেন্দ্ৰিয়, পঞ্চপ্ৰাণ, মন আৰু বুদ্ধিক লিঙ্গ বা সূক্ষ্ম দেহ বোলে। সকলো শক্তিৰ যি। কাৰণ, সেয়ে কাৰণ শৰীৰ বা আদ্য শক্তি; ইয়াক প্ৰকৃতিও বলে। জীৱ বা আত্মা কাৰণৰ মহা কাৰণ। এইদৰে জীৱদেহ তিনি ভাগত বিভক্ত; স্থূল, সূক্ষ্ম আৰু কাৰণ। শুদ্ধ আত্মা বা ব্ৰহ্ম ইয়াৰ ওপৰত।

 শুদ্ধ আত্মা নিৰ্লিপ্ত; তেওঁত যদিও মায়া আছে সত্ত্ব, ৰজ, তম গুণে তেওঁক চুব নোৱাৰে; কাৰণ এই কেইটা শৰীৰহে গুণ। কাঁচত নানা ৰঙৰ কাপোৰ দিলে নানা ৰং দেখা যায়, কাঁচৰ কিন্তু সেইবোৰ নিজা ৰং নহয়; সেইদৰে মায়া বা প্ৰকৃতিৰ বা জড়ৰ তিনি গুণে আত্মাক বিকাৰ ঘটাব নোৱাৰে। আত্ম নিৰ্গুণ। এয়ে আত্মাৰ স্বৰূপ। দেহক আত্মবুদ্ধি কৰাই অজ্ঞান বা অবিদ্যা। আত্মাৰ স্বৰূপত মন ৰাখাকে জ্ঞান বোলে।