পৃষ্ঠা:সটীক নাম-ঘোষা.pdf/৫০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৬
সটীক নামযোষা

[৪০]

সেহিসে দিনক ভাই দুৰ্দ্দিন বুলিয়া মানি
 মেঘাচ্ছন্ন নোহয় দুৰ্দ্দিন।
হৰি কথা অমৃতৰ সম্যক আলাপ ৰসে
 যিটো দিন হোৱয় বিহীন॥

 [আকাশ মেঘে ঢাকি পৃথিবী অন্ধকাৰ কৰা দেখিলে ধুমুহা বতাহ আহি বা ৰ’দৰ অভাৱ ঘটাই মানুহক পয়মাল কৰিব বুলি সেই দিনক আমি সচৰাচৰ দুৰ্দ্দিন বোলোঁ) আচলতে এইবোৰ ক্ষণিকহে হয়, কিন্তু সংসাৰ-বন্ধনত পৰি পুনঃ পুনঃ জন্মি আৰু মৰি জীৱে বহুত যন্ত্ৰণা ভোগ কৰে। সেই কাৰণে মেঘাচ্ছন্ন দিনৰ লগত হৰি-কথা আলাপ বিহীন দিনক তুলনা কৰি কোৱা হৈছে।]

 যিদিনা ভগৱানৰ অমৃতময় কথাৰ সম্পূৰ্ণৰূপে আলাপ নোপজে অৰ্থাৎ ভগৱানৰ গুণ-চৰিত্ৰ আলোচনা কৰোঁতে কৰোঁতে যিদিনা প্ৰেম নজন্মে, সেই দিনেই আচলতে দুৰ্দ্দিন, তাৰ লগত মেঘে ঢাকা দুৰ্য্যোগ আকাশ তুলনাই হব নোৱাৰে, অৰ্থাৎ ওপৰৰ বিধৰ তুলনাত সি একো দুৰ্দ্দিনেই নহয়। [হৰি কথা এনে অমৃতময়, যে তাৰ আলোচনা কৰিলে পৰমেশ্বৰলৈ ভক্তি নজন্মি নোৱাৰে;- যদি কোনো দিন হৰি-কথা আলোচনাত প্ৰেম নজন্মে, সেই দিনহে- আচলতে বৰ দুৰ্ভাগ্যৰ দিন।]

আত্মানং সততং প্ৰাপ্তং হপ্ৰাপ্তবদবিদ্যয়া।
তন্নাশে সত্যবদ্ভাতি স্বকণ্ঠাভৰণং যথা॥ ৪১