পৃষ্ঠা:সটীক নাম-ঘোষা.pdf/৪৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৪
সটীক নামঘোষা

বিশ্বখন ৰক্ষা কৰিছে; ভগৱান এনে সূক্ষ্ম বস্তু। তেওঁৰ ৰূপ ধ্যান- ধাৰণা কৰা অসম্ভৱ; সেয়ে ভক্তে দাস ভাৱে একান্ত মনে তেওঁৰ আশ্ৰয় লৈ তেওঁৰ নাম-গুণ কীৰ্ত্তন কৰে। ]

বহুগণৈস্তপসা ন যাতি, নচেজয়া নিৰ্ব্বাপনদ্‌ গৃহাদ্বা।
ন ছন্দসা নৈৰ জলগ্নি সূৰ্য্যৈৰ্ব্বিনা মহৎ পাদৰজোহভিষেকং॥

[ ৩৮ ]

পৰম ঈশ্বৰ দেৱ কৃষ্ণক নপায় লাগ
 তপ জপ যাগ যোগ দানে।
একান্ত ভক্তৰ পদ ৰেণু শুদ্ধ চিত্তে মাথে
 অভিষেক নকৰয় মানে॥[*]

পদৰেণু—পদধূলা।

অভিষেক—মূৰত, গাত সিঁচি দিয়া।

 [ তপ, জপ, যাগ, যোগ আদি কৰ্ম্মবোৰ কলিকালৰ নহয়, কিয়নো কলিৰ অল্পায়ু হীনবীৰ্য্য লোকে সেইবোৰ বিধিমতে কৰিব নোৱাৰে। ভগৱন্তৰ একান্ত সেৱকৰ আশ্ৰয় লৈ তেওঁৰপৰা তত্ত্ব কথা লাভ কৰিহে ভগৱানক পাব পাৰি। সেই কাৰণে কৈছে। ] তপ, জপ, যাগ, যোগ, দান আদি কৰ্ম্ম কৰিলে ভগৱানক পোৱা নাযায়; ভগৱন্তৰ একান্ত ভক্তৰ পদ সেৱি, তেওঁৰপৰা শিক্ষা উপদেশ লাভ কৰি আৰু ভগৱানক ভজিহে পৰমেশ্বৰক পাব পাৰি।


*^ গীতাৰ শ্লোক—তদিদ্ধি প্ৰণিপাতেন•••••॥