পৃষ্ঠা:সটীক নাম-ঘোষা.pdf/৪৭১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৬৭
সটীক নামঘোষা

ৰামতে ৰমোহো অবিৰাম ৰাম ৰাম।৯৪৬
ৰাম নাম ধৰ্ম্ম অনুপাম হৰি হৰি।
পূৰা ভকতৰ মনকাম ৰাম ৰাম॥৯৪৭
কলি যুগে ৰাম নাম সাৰ হৰি হৰি।
ৰাম নাম বিনে নাহি আৰ ৰাম ৰাম॥৯৪৮
ৰাম বুলি পাৰে ভৱ পাৰ হৰি হৰি।
ৰাম নাম জগত উদ্ধাৰ ৰাম ৰাম॥৯৪৯
ৰাম নাম অমূল্য ৰতন হৰি হৰি।
ৰাম নাম বিনে নাহি ধন ৰাম ৰাম॥ ৯৫০
ৰাম নামে মুক্তি বিড়ম্বন হৰি হৰি।
জপ ৰাম নাম অনুক্ষণ ৰাম ৰাম॥৯৫১
ৰাম নাম ভকতি সুগম হৰি হৰি।
ৰাম নাম পাতকৰ যম ৰাম ৰাম॥৯৫২
ৰাম নাম ধৰ্ম্মতে উত্তম হৰি হৰি।
নাহি ভক্তি ৰাম নাম সম ৰাম ৰাম॥৯৫৩
ৰাম নাম ধৰ্ম্ম শিৰোমণি হৰি হৰি।
ৰাম নাম পাপৰ অগনি ৰাম ৰাম॥ ৯৫৪
ৰাম নাম মৃত্যুসঞ্জীৱনী হৰি হৰি।
ৰাম নাম ঘুষিয়োক ছান্দি ৰাম ৰ ম॥৯৫৫

 মৃত্যুসঞ্জীৱনী − মৃতকক জীওবা, অমৰ কৰোঁতা, মুক্তিদাতা।

 ছান্দি - পোহৰ কৰি, শব্দ কৰি, উচ্চস্বৰে।