পৃষ্ঠা:সটীক নাম-ঘোষা.pdf/৪৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

সটীক নামবে। 0 শিয়ো নিবাসে। যশ্যেৰ পানপাত্ৰং মুখং দৃশং। বাহবো লোকপালানাং শাক্তাগাং পাদাম্বুজ।৩৭ [ ৩ ] কৃষ্ণৰ হৃদয় চাৰু লক্ষীৰ নিবাস স্থান মুখ নয়নৰ পান পাত্ৰ। দিকপাল সমস্তৰ আশ্ৰয় কৃষ্ণৰ বাহু। ভকতৰ পাদপদ্ম মাত্ৰ। অসাধাৰণ, সুন্দৰ। দিকপাল—ইন্দ্ৰ, অগ্নি, যম, নৈঋত, বৰুণ, বায়ু, কুবেৰ, মহাদেৱ, ব্ৰহ্ম। আৰু অনন্ত, পুৰ্বাদিক্ৰমে দশদিকপাল। সূৰ্য্য, শুক্ৰ, মঙ্গল, ৰাছ, শনি, সোম, বুধ আৰু বৃহস্পতি পূৰ্বাদিক্ৰমে অষ্টদিকপাল। [ দয়া, ক্ষমা, কৰুণা আদি গুণবোৰ আৰু অনন্ত জ্যোতিপূৰ্ণ যিশৰ সৌন্দৰ্য্য লক্ষ্মীৰূপে কল্পিত। বিশ্ব জুৰি থকা মহাশক্তিক দিকপাল- ৰূপে কল্পনা কৰা হৈছে।} ভগৱন্তৰ মনোহৰ হৃদয়খন লক্ষ্মী আইৰ থকা ঠাই, তেওঁৰ মুখখন লক্ষ্মী-আইৰ চকুৰ তৃপ্তিদায়ক সামগ্ৰী, তেওঁৰ বাহু দিকপালসকলৰ আশ্ৰয়, ভক্তৰ নিমিত্তে কেৱল তেওঁৰ পাদপদ্মহে। অৰ্থাৎ সেৱক ভাবেহে ভক্তে তেওঁক ভজে বা সেৱা কৰে। গতিকে নামধৰ্মই কলিকালৰ শ্ৰেষ্ঠ ধৰ্ম। { ভগৱান গোটই বিশ্ব জুৰি আছে; আৰু লক্ষ্মী ৰূপ সৌন্দৰ্য্য ভাজ শোভা পাইছে। তেওঁ লীলা কৰি দিকপাল স্বৰূপে আকৌ