পৃষ্ঠা:সটীক নাম-ঘোষা.pdf/৪৬৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৬১
সটীক নামঘোষা

 পতিত পাৱন হৰি গুণে অনুপাম ৮৭৫
অনুপাম-অতুলনীয়, তুলনা কৰিব নোৱাৰা।
 মোৰ প্ৰভু নাৰায়ণ কৃষ্ণ ৰাম।
 ভকত বৎসল হৰি গুণে অনুপাম॥৮৭৬
 ৰাম কৃষ্ণ নাৰায়ণ ৰাম হৰিৰেহে
 প্ৰভুৰেহে ৰাম ৰাম ৰাম। ৮৭৭
মুকুন্দ মাধৱ মুৰাৰি মধুৰিপু, জগতজীৱন ৰাম হৰি হৰি॥৮৭৮
 জয়তি যদুপতি জগত জীৱন,
 যাদৱ মাধৱ ৰাম হৰি হৰি॥৮৭৯
 পৰম পুৰুষ ৰাম জয় জয়॥৮৮৯
 ৰাম ৰাম কৃষ্ণ ৰাম ৰাম কৃষ্ণ।
 ৰাম ৰাম কৃষ্ণ ৰাম ৰাম হৰি হৰি॥৮৮১
 ৰাম ৰাম ৰাম ৰাঘৱ ৰঘুপতি।
 প্ৰণতপালক দেৱ হৰি হৰি,
 প্ৰপন্নতাৰক দেৱ জয় জয়॥৮৮২
প্ৰণত—সেবক।
প্ৰপন্ন—শৰণাগত, আশ্ৰিত।
 হৰিতো হৰি হৰি হৰিতো হৰি হৰি।
 হৰিতো হৰি হৰি ৰাম জয় জয়॥৮৮৩
 কৃষ্ণদেৱ তুমি প্ৰভু দীন দুখহাৰী।
 ভকতৰঞ্জন ভয় ভঞ্জন মুৰাৰি॥৮৮৪