পৃষ্ঠা:সটীক নাম-ঘোষা.pdf/৪৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৪২ সটীক নামঘোষা প্ৰবোণেই পৰম সুখ [ গতিকে যি মানুহ যি অৱস্থাত পৰে, তাতে সন্তুষ্ট থাকি নিষ্কাম ভাৱে ভগৱানৰ নাম-কীৰ্ত্তন কৰা উচিত।] কিমলত্যং ভগবতি প্ৰসন্নে নিকেতনে। তথাপি তৎ পৰা ৰাজ ন হি যান্তি কিঞ্চন॥ ৩৮ লক্ষীপতি ভগৱন্ত যাহাৰ প্ৰসন্ন ভৈল তাহাৰ দুৰ্লভ কিছু নাই। নাৰায়ণ পৰ ভৈলে তথাপি কিঞ্চিতত আৰ নবাঞ্চয় সেৱা-সুখ পায়। ভগৱম্ভ-[ ভগ—ঐশ্বৰ্য্য+ ৱন্ত—থকা ] = ঐশ্বৰ্যশালী। দুল্লভ--দুষ্প্ৰাপ্য, পবি নোৱাৰা। ভগন্ত লক্ষ্মীপতি অৰ্থাৎ সমস্ত ঐশ্বৰ্য্যৰ গৰাকী; যিজনে এনে হেন ঈশ্বৰ পুৰুষৰ গুণ-গান কৰি তেওঁক সন্তুষ্ট কৰিব পাৰে, সেই মানুহক আৰু সংসাৰত পাব নোৱাৰা বস্তু একো নাথাকে অৰ্থাৎ তেওঁ মনত যিহকে বিচাৰে, সেয়ে আহি , অপোনা-আপুনি মিলে। কিন্তু মানুহ যেতিয়া ভগৱৎপৰায়ণ হয়, সদায় ভগৱানক ভক্তি কৰি থকা হয়, তেতিয়া যদিও তেওঁৰ প্ৰতি ভগৱান প্ৰসন্ন তেওঁ যি বিচাৰে তাকে পাব পাৰে, তথাপি সেৱা-সুখ পাই ভক্তিৰস পান কৰি তাতে বিভোৰ হৈ তেওঁৰ ওচৰত আৰু একো নিবিচাৰে। { গুড়ৰ কলহত পৰা মাৰিদৰে তেওঁৰ আৰু অন্য ভাৰ নাথাকে— • ভক্ত ভক্তিতে সন্তুষ্ট থাকে। ]