পৃষ্ঠা:সটীক নাম-ঘোষা.pdf/৪৫৯

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৫৫
সটীক নামঘোষা

 হৰি হৰি হৰি ৰাম কৃষ্ণ ৰাম নাৰায়ণ নাৰায়ণ।
 কৰা হৰি মোৰ মায়া উপশম নাৰায়ণ নাৰায়ণ॥ ৮২৮
উপশম − লাঘৱ, জয় কৰিব পৰা।
 গোপীনাথ ইবাৰ মোক নেৰিয়ো
 তযু মায়াজাল জঞ্জাল গুচায়। চৰণে শৰণ দিয়ো॥৮২৯
তযু মায়া জাল ........দিয়ো।
 তুমি তনা মায়জালৰূপ বাধা আঁতৰাই তোমাৰ চৰণত মোক
আশ্ৰয় দিয়া, মই তোমাক একান্তমনে ভাবিব পাৰা কৰা।
 গোপাল গোপাল পালয় কৃপাময়।
 তুৱা পাৰে মোৰ ৰতি মতি যেন নছাৰয়॥৮৩০
 ৰাম ৰাঘৱ ৰঘুপতি এ, তুমি দেৱ অগতিৰ গতি না এ
 তুৱা পদ কমলৰ মকৰন্দ ৰসে ৰতি।
 কৰিয়া থাকোক মোৰ মতি না এ॥৮৩১
মকৰন্দ − ফুলৰ মৌ; ৰেণু।
 জয় যাদব যদুপতি এ,
 তুৱা পাৱে পশিলো শৰণ না এ
 ভাল কথা শুনি আছি, মনে লৈলো সাৰ বাছি,
 তুৱা নাম পতিত পাৱন না এ॥ ৮৩২
 প্ৰাণ বান্ধৱ মাধৱ এ, দয়াশীল দৈৱকী নন্দন না এ
 তুমি দেৱ দীনবন্ধু, কেৱলে কৰুণাসিন্ধু
 কৰোঁ তযু চৰণে বন্দন না এ॥ ৮৩৩