মই ভক্তি ভাৱত অতি দুখীয়া। মোৰ অন্তৰত তোমালৈ ভক্তি নাই।
তুমি দুখীয়াৰ বন্ধু যেতিয়া মোক তুমি কৃপা কৰি ভক্তি দিয়া উচিত
আছিল, মই তোমাৰ কৃপা নোপোৱা অৰ্থাৎ তোমাক ভক্তি কৰিব
নোৱাৰাতো আচৰিত হবলগীয়া।
ৰাম কৃষ্ণ হৰি গোবিন্দ, দীন দয়াশীল স্বামী।
তোমাৰ চৰণে সহজ বাসনা, শৰণ মাগোহো আমি॥৮২৩
সহজ বাসনা—সহজ ইচ্ছা; অভ্যাসত আহা।
মোৰ প্ৰাণ বন্ধু গোবিন্দ, সেৱক কৰিয়া লৈয়ো।
আন একো কাম নমাগো তোমাৰ
ভৃত্যৰ সঙ্গত থৈয়ো॥ ৮২৪
জয় যদুপতি যাদৱ, তুমি অগতিৰ গতি
দান্তে তৃণ ধৰি তোমাৰ চৰণে
মাগোহো সাধু সঙ্গতি॥৮২৫
সাধু সঙ্গতি-সাধুসঙ্গ।
ৰাম কৃষ্ণ হৰি গেবিন্দ, সেৱক ভৈলো তোমাৰ,
অভয় চৰণে শৰণ পশিলো চূৰিয়ো মায়া হামাৰ॥৮২৬
চুৰিয়ো−ছিঙা, ভাঙা।
গোবিন্দ গোপাল গোপীনাথ, দয়া নছাৰিবা মোৰে।
অপাৰ সংসাৰ, আৰ নাহি পাৰ, মজিলো এ দুঃখ ঘোৰে॥৮২৭
সংসাৰ অপাৰ, ইয়াৰ পাৰ নাই অৰ্থাৎ বিষয় বাসনাৰ শেষ নাই,
বাসনাই জীৱক সংসাৰত ঘূৰাই লৈ ফুৰায়।
পৃষ্ঠা:সটীক নাম-ঘোষা.pdf/৪৫৮
অৱয়ব
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৫৪
সটীক নামঘোষা