পৃষ্ঠা:সটীক নাম-ঘোষা.pdf/৪৪৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৪০
সটীক নামঘোষা

 কৰুণা
 জয় জগজীৱ মোৰ প্ৰাণ
 মোৰ প্ৰাণধন বান্ধৱ মুৰাৰি।
 শ্ৰৱণে আনন্দে শুনিলো গোবিন্দ
 তুমি দীন দুঃখহাৰী॥ ৭৬৪
 মোৰ জীৱধন গোপীনাথ
 প্ৰাণ গোপীনাথ পশিলো শৰণে।
 মোৰ প্ৰাণ মজিয়া ৰহোক
 তোমাৰ চৰণে। ৭৬৫
 দুগুটি অক্ষৰ ৰাম নাম
 শ্ৰীৰাম নাম মজিয়া মাধুৰী ঝুৰে।
 অতি সুকোমল পৰম মঙ্গল
 সবে মনোৰথ পূৰে॥৭৬৬
 দুই আখৰীয়া “ৰাম” নাম একান্তমনে ললে অমৃত ৰসপূৰ্ণ মাধুৰ্য্য সৰি পৰে অৰ্থাৎ মনত অমৃত সদৃশ ৰস ওপজে; এই নাম অতি সহজ আৰু ইয়াক ললে মানুহৰ সকলো মনস্কামনা পূৰ্ণ হয়।
 জয় জয় নিত্য নিৰঞ্জন
 দেৱ শিৱ সনাতন
 পৰম অভয় তোমাৰ চৰণ।
 তাপ তিনি বিনাশন॥৭৬৭