পৃষ্ঠা:সটীক নাম-ঘোষা.pdf/৪৪২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৩৮
সটীক নামঘোষা

 হৰি হৰি নকৰিবা মোক পৰিহাৰ।
 প্ৰাণবন্ধু চৰণত ৰাখিয়ো ইবাৰ হৰি॥৭৫৮
ভুঞ্জিলো অপাৰ--ঢেৰ লালাট ভোগ কৰিলোঁ।
 মনুষ্য যোনিৰ ...... যোনিত ফুৰি- মানৱ জন্ম লাভ কৰি কুকৰ্ম্ম কৰি তাৰ ফলত অসংখ্য যোনি ভ্ৰমণ কৰি অৰ্থাৎ নানা জীৱৰূপে পৃথিবীত জন্ম লাভ কৰিছোঁ।
 পুনু পুনু নৰতনু লভিয়া তোমাক তেজি
 দীনবন্ধু দামোদৰ এ
 হৰি হৰি সংসাৰে ভ্ৰমিলো অসংখ্যাত
 দীনবন্ধু কতবা কৰিলো আয়াযাত
 ইবেলি কৰুণাময় তোমাৰ কিঙ্কৰ ভৈলো
 দীনবন্ধু দামোদৰ এ
 হৰি হৰি ৰতি মোৰ ৰহোক তোমাত।
 প্ৰাণবন্ধু চৰণত কৰো প্ৰণিপাত॥ ৭৫৯
কিঙ্কৰ- দাস, সেৱক।
ৰতি মোৰ ৰহোক তোমাত-তোমাক মই ভালপোৱা হওঁ।
 মাধৱ মুকুন্দ মুৰাৰি কি গতি হইল আমাৰ
 মায়াৰ ৰচনা আশানদী মাজে
 মজিয়া নপাইলো পাৰ॥৭৬০