তোমাক নভজো পদে মায়ায়ে মুহিলে মোক
মোৰ প্ৰভু নাৰায়ণ এ
আৱে কৃপাময় কৰা দয়া
হৰি হৰি মায়াক নিবাৰি কৰা দয়া হৰি এ॥৭৫৫
হে নাৰায়ণ প্ৰভু, তুমি অবিভাজ্য অৰ্থাৎ তোমাক ভাগ কৰিব নোৱাৰি। তুমি গোটেই বিশ্বতে পূৰ্ণ জ্ঞানময়ৰূপে বিয়পি আছা; তুমি সদায় নিৰ্ম্মল, তোমাক একোৱে কেতিয়াও কলুষিত কৰিব নোৱাৰে আৰু তোমাৰ জ্ঞানময় শক্তিৰে তুমি মায়াক দূৰ কৰিছা অৰ্থাৎ তুমিয়েই জ্ঞানস্বৰূপ দেখি মায়া বা অজ্ঞান তোমাৰ ওচৰলৈ আহিব নোৱাৰোঁ মোক মায়াই মুহি ৰাখিছে সেয়ে তোমাক ভজিব নোৱাৰো; প্ৰভু, মই সেইটো অনুভৱ কৰিব পাৰিছোঁ। এতিয়া মোৰ সৃষ্ট সেই মই মায়াক মোৰ গাৰ পৰা আঁতৰাই নি মোক কৃপা কৰা, মই একমনে তোমাৰ পদ সেৱা কৰোঁ।
দৈবকী নন্দন দেৱ দৈৱকী নন্দন দেৱ
দীনবন্ধু দামোদৰ এ
হৰি হৰি চৰণে উদ্ধাৰ কৰা মোক।
প্ৰাণ বন্ধু ইবাৰ নেৰিবা হৰি মোক।
ভকতি মিনতি স্তুতি প্ৰণতি নজানো মই,
দীনবন্ধু দামোদৰ এ
হৰি হৰি আৱে মোৰ কোন গতি হোক,
প্ৰাণ বন্ধু মোৰ মন তোমাত ৰহোক হৰি॥৭৫৬
পৃষ্ঠা:সটীক নাম-ঘোষা.pdf/৪৪০
নেভিগেশ্যনলৈ যাওক
সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৩৬
সটীক নামঘোষা
