পৃষ্ঠা:সটীক নাম-ঘোষা.pdf/৪৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

সটীক নামঘোষা [ ৩৩ ] শুনা পৰমাৰ্থ তত্ত্ব শ্ৰীমন্ত শঙ্কৰ মত ধৰিয়োক সজ্জন সকল। হৰিৰ কীৰ্তন কৰি সুখে সংসাৰক তৰি পাইবা ভক্তি পৰম নিৰ্ম্মল। হে সাধুসকল, শ্ৰীমন্ত শঙ্কৰে প্ৰচাৰ কৰা ধৰ্মৰ গূঢ় ৰহস্য শ্ৰৱণ-কীৰ্ত্তন এক সকলোৱে ধৰা। হৰিৰ কীৰ্ত্তন কৰিলে পৰম নিৰ্ম্মল ভক্তি উপজিব আৰু কোনো কষ্ট নোহোৱাকৈ অতি সহজে এই সংসাৰৰপৰা উদ্ধাৰ হব পাৰিব। অৰ্থাৎ মুক্তি লাভ কৰিক [ ৩৪] শুনা সভাসদচয় নেৰিবা শাস্ত্ৰৰ লয় হৰি গুণ ভাগৱত সাৰ। সাধু সঙ্গ অনুসৰা শ্ৰৱণ কীৰ্তন কৰা পৰিহৰা পাষণ্ড আচাৰ। গল্প বা সন্ত্ৰত। হে সমজুৱাসকল, ভাগৱতত কৈছে-হৰিৰ নাম-গুণ, শ্ৰৱণ-কীৰ্ত্তন কৰিলে সংসাৰ তৰিব পাৰি। ( মুক্তিলাভ কৰিব পাৰি ]। এতেকে শাস্ত্ৰৰ মত অবহেলা নকৰিবা; তুমি প্ৰথমতে ] সাধুৰ সঙ্গ লৈ [ তেওঁৰ পদ সেৰি, তেওঁৰপৰা ধৰ্ম তত্ত্ব শিক্ষা কৰি ] একান্ত মনে পৰমেশ্বৰৰ নাম-গুণ, শ্ৰৱণ-কীৰ্তন কৰা। ইয়াকে কৰিলে পাষণ্ড-