পৃষ্ঠা:সটীক নাম-ঘোষা.pdf/৪৩৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৩৫
সটীক নামঘোষা

পৰিলে সংসাৰত ঘোৰ নিকাৰ ভুঞ্জিব লাগে। অথচ মোহত পৰি ইয়াকে সুখ বুলি মোৰ চিত্ত তাত মগ্ন হল অৰ্থাৎ মোৰ মনটো বিষয়তে সদায় গোটখাই ৰল, কোনোমতে তাক তোমাৰ সেৱাত লগাব নোৱাৰোঁ।
 তুমি শুদ্ধ বুদ্ধ নিত্য নিৰ্ম্মল নিৰ্গুণ দেৱ
 মোৰ প্ৰভু নাৰায়ণ এ
 স্বৰূপ আনন্দে সদা সুখী
 হৰি হৰি তুমি নিজানন্দে সদা সুখী
 আমি মুঢ়মতি ঘোৰ অবিদ্যা সাগৰে মজি
 মোৰ প্ৰভু নাৰায়ণ এ
 তোমাক নজানি ভৈলো দুঃখী
 হৰি হৰি স্বৰূপ নজানি ভৈলে দুঃখী হৰি এ॥ ৭৫৪
বুদ্ধ-জ্ঞানী।
নিৰ্গুণ-সত্ত্ব, ৰজ, তমোগুণাতীত।
স্বৰূপ আনন্দ-আনন্দ স্বৰূপ , জ্ঞানানন্দ, আনন্দময়।
অবিদ্যা সাগৰে মজি-অজ্ঞানত ডুব গৈ।
স্বৰূপ নজানি-তোমাৰ তত্ত্ব নাপাই।
 অখণ্ডিত সদা শুদ্ধ চৈতন্য শক্তিৰ বলে
 মোৰ প্ৰভু নাৰায়ণ এ
 তুমি দুৰ কৰি আছা মায়া,
 হৰি হৰি তোমাৰ নিকটে নাহি মায়া।