পৃষ্ঠা:সটীক নাম-ঘোষা.pdf/৪৩৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৩৪
সটীক নামঘোষা

খেদ

 দুৰ্ব্বাৰ দুঃসঙ্গ দুৰ্ব্বাসনা দুষ্ট
 হৰি হৰি হৰি হৰি এ
 অনাদি অবিদ্যা আপুনি ভৈলো মোহিত।
 অনাত্মা দেহক আত্মা বুদ্ধি কৰি
 হৰি হৰি হৰি হৰি এ
 তুমি পৰমাত্মা ঈশ্বৰে ভৈলো বঞ্চিত।
 আভ্যন্তিক সুখ তযু পদসেৱা
 হৰি হৰি হৰি হৰি এ
 তাকে সুখ মানি মগ্ন ভৈল মোৰ চিত্ত॥৭৫৩
অনাদি-ঘোৰ।
অবিদ্যা—মায়া, অজ্ঞান।
দুৰ্ব্বাৰ—ভয়ানক, বৰ বেচি।
ঘোৰ− ভয়ানক।
নিকাৰ-লালাট।
আত্মবুদ্ধি কৰি—আত্মজ্ঞান কৰি
 হে হৰি, বৰ দুখ কৰি নিবাৰণ কৰিব পৰা কুসঙ্গ-কুবাসনাৰ দ্বাৰা কলুষিত ঘোৰ মায়াত পৰিয়েই মোহ গলোঁ আৰু যি দেহ, আত্মা নহয়, তেনে দেহকে আত্মা বুলি ধৰি অহঙ্কাৰতে তোমাৰ পদ-সেৱা নকৰিলোঁ আৰু তাৰ ফলত তোমাক ভজিলে যি সুখ পোৱা যায়, সেই সুখৰ পৰাও বঞ্চিত হলোঁ। সংসাৰ মায়াময়; ইয়াৰ মোহত