পৃষ্ঠা:সটীক নাম-ঘোষা.pdf/৪৩৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৩৩
সটীক নামঘোষা

 ভগৱানৰ সৃষ্ট মায়াই মোহত অৰ্থাৎ মায়াত পৰাত মানুহে একান্ত মনে হৰিৰ নাম লব নোৱাৰে।
 হৰি কীৰ্ত্তনত নিদিলে চিত্ত।
 সিটো ভাগ্যশূন্য ভৈল বঞ্চিত॥ ৭৫১
 দুৰ্ল্লভ মানৱ জন্ম লাভ কৰি যি হৰিৰ নাম কীৰ্ত্তনত মন নিদিয়ে, আৰু দুৰ্ভগীয়াহে বুলিব লাগে - কিয়নো সি মানৱ জন্মত হৰিক ভজি লাভ কৰিব পৰা মুক্তিৰপৰা বঞ্চিত হল।
 আত্মনিন্দা
 তুমি প্ৰাণ প্ৰিয়তম সুহৃদ পৰম দেৱ
 প্ৰাণ প্ৰভু পীতাম্বৰ এ
 তুমিসে কেৱলে আত্মা মোৰ।
 তোমাক নজানি জড় মিছা শৰীৰক মই
 প্ৰাণ প্ৰভু পীতাম্বৰ এ
 আত্মা বুলি ভৈলো সেৱা চোৰ
 প্ৰাণ বন্ধু কিনো মই অজ্ঞানী দুৰ্ঘোৰ হৰি এ॥ ৭৫২
 তোমাক নাজানি জড় মিছা শৰীৰক মই আত্মা বুলি সেৱা-চোৰ হলো। তুমি আত্মাৰূপে মোৰ হৃদয়ত আছা, ইয়াক জানিবলৈ চেষ্টা নকৰি কেৱল জড় অস্থায়ী শৰীৰকে আত্মা বুলি ভাবি অহঙ্কাৰত তোমাৰ পদসেৱা নকৰিলোঁ বা তোমাক চিন্তা নকৰিলোঁ।

২৮