পৃষ্ঠা:সটীক নাম-ঘোষা.pdf/৪৩৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৩২
সটীক নামঘোষা

  নিন্দা
 হৰিৰ নামৰ কীৰ্ত্তন সুখ।
 নজানে যিজনে হৰি বিমুখ॥৭৪৫
 ভগৱানক ভাল নোপোৱা মানুহে হৰিনাম ললে কেনে সুখ পোৱা যায়, তাক নাজানে।
 নকৰে কীৰ্ত্তন যিটো পামৰ।
 সিজন অধীন ভৈল যমৰ॥ ৭৪৬
 হৰিক ভাল নোপোৱা লোকে হৰিনাম নলয় আৰু সেই লোকে জন্ম মৃত্যুৰ হাত সাৰিব নোৱাৰে।
 হৰি গুণ নাম নলৱে মুখে।
 যমৰ যাতনা ভুঞ্জবে দুঃখে॥৭৪৭
 নকৰে কীৰ্ত্তন হৰি নামৰ।
 কি কাৰ্য্যে মনুষ্য ভৈল পামৰ॥৭৪৮
কিকাৰ্য্যে−কিয়? কি বাবদ?
 হৰি কীৰ্ত্তনত নকৰে ৰতি।
 পশুতো অধম সিটো কুমতি॥ ৭৪৯
 নুফুৰে সদা হৰিগুণ গায়া
 জানিবা মুহিলে হৰিৰ মায়া॥ ৭৫০