পৃষ্ঠা:সটীক নাম-ঘোষা.pdf/৪৩৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৩১
সটীক নামঘোষা

নকৰিবা আৰু তেওঁক ভজিলে একোলৈ ভয় নাথাকে;
 (তেওঁ অভয়) সেই নিমিত্তে নিৰ্ভয় মনে বা নিঃশঙ্ক চিত্তে ভগবানত আশ্ৰয় কৰা
 নিৰ্গুণ হৰিৰ গুণক গায়া।
 পৰমানন্দ পাইবা তেজি মায়া॥৭৪১
নিৰ্গুণ-সত্ত, ৰজ, তম গুণাতীত।
 হৰি গুণ নাম নিগম তত্ত্ব।
 মুকুত সবাৰো মুখ্য সন্মত॥৭৪২
মুকুত সবাৰো মূখ্য সম্মত-জীৱন্মুক্ত পুৰুষসকলেও সম্পূৰ্ণৰূপে সমৰ্থন কৰা।
 জানি হৰিপদে নেৰিয়ো আশ
 কহে মুঢ়মতি মাধৱ দাস॥৭৪৩
মাধৱ দাস−মাধৱৰ সেৱক।
 ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ
 ৰাম কৃষ্ণ ৰাম কৃষ্ণ বোলা মন ভাই।
 হৰিয়ো সন্তোষ হয়, গুচয় সংসাৰ ভয়।
 হৰিপদ সেৱা সুখ পায়, হৰি ৰাম॥৭৪৪
গুচয় সংসাৰত ভয়-সংসাৰত জন্মি দুখ লালাট ভুঞ্জাৰ ভয়।