পৃষ্ঠা:সটীক নাম-ঘোষা.pdf/৪৩৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৩০
সটীক নামঘোষা

 বিধিৰ ঈশ্বৰ হৰি ভকতি।
 গায়ো হৰিযশ নিৰ্ম্মল মতি॥৭৩৩
বিধিৰ ঈশ্বৰ হৰি ভকতি- হৰি ভকতিয়েই সকলো বিধিৰ ঈশ্বৰ অৰ্থাৎ হৰি ভকতিত কোনো বিধি বিধান নাই।
 লৈয়ো একে মাত্ৰ সাধু সঙ্গতি।
 তেৱেসে নিৰ্ম্মল হৈব ভকতি॥৭৩৪
 যাৱত কৈতব নেৰস মন।
 তাৱত নাপাইবি হৰি চৰণ॥৭৩৫
কৈতব−কপট ভাব জন্মায়, মায়া।
 কৈতব অসত্য জান ভাল কৰি।
 ভজিয়ো হৰিক কৈতব এৰি॥৭৩৬
 হৰিত বিনায় সবে কৈতব।
 ভজ হৰিপাৱে কৰি উৎসৱ॥৭৩৮
 দুৰ্ঘোৰ সংসাৰ নিকাৰ জানি।
 নেৰিবা মুখে সদা ৰাম বাণী॥৭৩৯
 তেৱেসে হৰিৰ পাইবা আশ্ৰয়।
 ভজিয়ো হৰি তেজি লাজ ভয়॥৭৪৩
তেজি লাজ ভয়-ভগৱানত আশ্ৰয় কৰি তেওঁৰ নাম লবলৈ লাজ