পৃষ্ঠা:সটীক নাম-ঘোষা.pdf/৪৩৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪২৯
সটীক নামঘোষা

 হৰিৰ আশ্ৰয় নেৰিবা ভাই।
 ঐকান্তিক সুখ তেৱেসে পাই॥ ৭২৮
ঐকান্তিক সুখ-অক্ষয় সুখ, পৰম সুখ।
 একান্তে হৰিত কৰিয়ো গতি।
 হৰিসে নিজে ভকতৰ গতি॥৭২৯
হৰিসে নিজ ভকতৰ গতি-ভক্তৰ গতিদাতা হৰিয়েই বা ভক্তৰ আৰাধ্য হৰিয়েই।
 সৰ্ব্ব পুৰুষাৰ্থ কৈতব জান।
 হৰি মাত্ৰ সত্য বেদ প্ৰমাণ॥ ৭৩০
কৈতব-মিছা, অসত্য।
 মায়াৰ জগতৰ আন সকলো পুৰুষাৰ্থই কপট অৰ্থাৎ মিছা বা অসত্য। মায়াৰ বান্ধোন এৰি একমনে ভগৱানক ভাবিব পৰাটোৱেই ডাঙৰ কাম। বেদে প্ৰমান কৰা অৰ্থাৎ বেদত থকা হৰিয়েই মাত্ৰ সত্য, আন সকলো মিছা বা বালিৰ লাড়ুৰ দৰে।
 পৰম শ্ৰেয়ঃ হৰি ভকতি।
 জানি হৰিপাৱে কৰিয়ো ৰতি॥৭৩১
 হৰিগুণ নাম কৰিয়ো সাৰ।
 নিজ যশপ্ৰিয় জগ আধাৰ॥৭৩২
জগ-আধাৰ-জগতেই যাৰ আধাৰ, সৰ্ব্বব্যাপক ভাৱে জগতত থকা জগতৰ কাৰণ ভগবান।