পৃষ্ঠা:সটীক নাম-ঘোষা.pdf/৪৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

সটীক নামঘোষ od [৩২] লুব্ধমতি মনুষ্যৰ হৰি কীৰ্ত্তনত পৰে নাহিকে ৰহস্য বিত্ত আৰ। আন আশা পৰিহৰি মাধৱক মনে ধৰি হৰিৰ কীৰ্তন কৰা সাৰ। হ–গৃঢ়, গোপনীয়। বিত্ত-ধুন। লুব্ধমতি-লুভীয়া। আন আশা পৰিহৰি—বিষয় বাসনা এৰি , ধন দিয়া, পুত্ৰ দিয়া আদি ভাৱ এৰি। [ ধন, ধান, পুত্ৰ, ভাৰ্যা আদি লোভনীয় বস্তুবোৰে মানুহক মুগ্ধ কৰি ৰাধে; চোৰক যেনেকৈ গোপনীয় বা পুতিখোৱা ধনে নাটে, মাহে সেই মোহত পৰি পৰমেশ্বৰক পাহৰে; আৰু ধন দিয়া, পুত্ৰ দিয়া বুলি নানা দেৱ-দেত্বীক পূজা কৰে; আৰু তাৰ ফলত জীৰে বাসনাৰ হাত সাৰিব নোৱাৰি সংসাৰত ঘূৰি ফুৰে। বিষয়ত ভোল যোৱা মানুহৰ সংসাৰ তৰিবৰ উপায় একমাত্ৰ হৰি-নাম কীৰ্ত্তন, ইয়াৰ বাহিৰে পৰম গৃঢ় ধন আৰু সিবিলাকৰ নাই; এতেকে বিষয় আশা ত্যাগ কৰি লক্ষ্মীপতি ভগৱন্তকেই সত্য বুলি সুদৃঢ় বিশ্বাস কৰি হৰিনাম-কীৰ্ত্তন কৰাকে নিশ্চয় কৰি ধৰা; অৰ্থাৎ নিষ্কাম ভাৱে নাম-কীৰ্তন কৰাকে শ্ৰেষ্ঠজ্ঞান কৰি তাক অভ্যাস