সমললৈ যাওক

পৃষ্ঠা:সটীক নাম-ঘোষা.pdf/৪২৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪২৪
সটীক নামঘোষা

 ৰাম নাম খানি ফুৰিয়ো
গায়া।
 কি কৰিবেক তাক হৰিৰ মায়া॥৭১০
 ৰাম নাম খানি লৈয়োক ডাটি।
 হেলায়ে মাৰিয়ো যমৰ ঘাটি॥৭১১

ঘাটি- থান।
 ৰাম নাম একান্ত মনে ললে ভগৱানৰ সৃষ্ট মায়াই আগুৰি ৰাখিব নোৱাৰে, মায়াৰ বান্ধোন ছিঙি যায়। ৰাম নাম-দৃঢ়ভাবে উচ্চাৰণ কৰা, ইয়াকে কৰি অতি সহজে যমক পৰাজয় কৰিব পাৰিবা অৰ্থাৎ মৃত্যু তৰিব পাৰিবা বা মুক্তি পাবা।
 মুখে ৰাম নাম গাৱ।
 মায়াৰ বাঝু মাৰিয়া যাৱ॥৭১২

বাঝু-শ্ৰাস, বন্ধন।
 একান্তমনে ৰাম নাম লোৱা, আৰু ইয়াকে কৰি মায়াক গৰাহৰ পৰা বা বান্ধোনৰ পৰা মুক্ত হৈ মুক্তিলাভ কৰা।
 ৰাম কৃষ্ণ নাম জপ সঘনে।
 হৰিৰ চৰণ নেৰিবা মনে॥৭১৩
 ৰাম কৃষ্ণ ৰাম কৃষ্ণ বোলা।
 আশা সমুদ্ৰৰ মন তোলা॥৭১৪
আশা সমুদ্ৰৰ মন ভোলা- সংসাৰৰ আশাৰূপ সাগৰৰ পৰা মনক