পৃষ্ঠা:সটীক নাম-ঘোষা.pdf/৪২৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪২০
সচীক নামঘোষা

 ভাল উপায় পাইলো ভাই এ
 ৰাম নাম নিগম ৰহস্য।
 একচিত্ত মনে ভাৱ ভাই এ
 যাৰে নাম তাকে কৰা বশ্য॥৭০৬
নিগম ৰহস্য-নিগমৰ গুপ্ত মন্ত্ৰ।
 যাৰে নাম তাকে কৰা বশ্য − ভগৱানৰ নামৰ মহিমা এনে, যে নাম একান্তমনে ললে সেই নামে ভগৱানক নাম লওঁতাৰ অধীন কৰে অৰ্থাৎ ঈশ্বৰৰ নাম একমনে ললে ভগৱান সন্তুষ্ট হয় আৰু তেওঁ ভক্তৰ হিয়াত দেখা দিয়ে।
 ৰাম কৃষ্ণ হৰি বুলিয়ো মুখে।
 হৰিপদে মন মজায়ো সুখে॥৭০৭
 ৰাম বুলি ফুৰা বহু আছাৰি।
 কপটৰ মোট পেলোৱা ফাৰি॥৭০৮
মন মজায়ো সুখে-পৰম আনন্দে মন মগ্ন কৰা।
 মন মুকলি কৰি হৰি নাম লোৱা; আৰু কপটৰ ঢাকোন অৰ্থাৎ মনৰ কপট ভাৱ ত্যাগ কৰা (একান্তমনে হৰিনাম লৈ নিৰ্ভয়ে সংসাৰত ফুৰা)
 ভজ ভগৱন্ত ভকতি ভাৱে।
 নাম লৈয়া গতি পতিতো পাৱে॥৭০৯
 মহাপাপীও হৰিনাম লৈ মুক্তিলাভ কৰে, এতেকে ভক্তি ভাৱে ভগৱানক ভাবা।