পৃষ্ঠা:সটীক নাম-ঘোষা.pdf/৪২৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪২২
সটীত নামঘোষা

 মধুৰিপু ৰাম কমললোচন।
 তুৱা গুণ নাম ভৱ ভয় বিমোচন॥৭০২
মধুৰিপু-মধুদৈত্য বিনাশকাৰী
ভৱ-ভয়-সংসাৰ ভয়, জন্ম-মৃত্যু ভয়।
 বন্দো মাধৱ মধুৰিপু ৰাম।
 তুৱা পদ কমল পদ যুগল হৰিএ॥৭০৪

  উপদেশ
 পিয়ু পিয়ু পিয়ু অমিয়া মাধুৰী হৰি নাম ৰাম ৰাম।
 দূৰতে তেজিয়া থৈয়ো আন যত কাম ৰাম ৰাম॥৭০৪
অমিয়া-অমৃতোপম। পিয়ু-পান কৰা।
মাধুৰী-মধুৰভা, শোভা।
 ৰাম কৃষ্ণ ৰাম কৃষ্ণ বোলা ভাই এ
 সকল নিগমে ওহি সাৰ।
 সুমৰিতে হৰি বশ্য হোৱে ভাই এ
 সুখে পায় ভৱ নদী পাৰ॥৭০৫
ওহি–এই (হৰিনাম
সুখে পায় ভৱ নদী পাৰ—অনায়াসে সংসাৰৰূপ নদীৰ পাৰ পায়; অৰ্থাৎ সংসাৰৰপৰা উদ্ধাৰ হব পাৰে।