পৃষ্ঠা:সটীক নাম-ঘোষা.pdf/৪২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

সটীক নামঘোষ। সভ্যপায়া বহব সৰ্বে তে বিঘদূষিতা। কেৱলং বিঘ্নহিতং শহৰ্নোম কীৰ্ত্তন॥৩১ [ ৩১] মৃত্যু তৰিবাৰ আন আছয় উপায় যত বিঘিনি দূষিত নিৰন্তৰে। বিঘিনি ৰহিত যত মাধৱৰ গুণ কৰ্ম্ম কীৰ্তন কৰিয়া সুখে তৰে। [ যোগ, তপস্যা আদিৰে মানুহে মুক্তি লাভ কৰিব পাৰে; কিন্তু এইবোৰ কৰিবলৈ নানা বিধি-ব্যৱস্থা আছে; বিধিমতে যোগ, তপস্যা আদি নকৰিলে সিদ্ধিলাভ কৰিব নোৱাৰি। সেই কাৰণেই মুক্তিৰ এই উপায়বোক বিঘিনি দুষ্ট বা বিঘিনিৰে পূৰ্ণ বুলিব পাৰি। হৰিনাম কীৰ্ত্তন কৰিবলৈ কোনো বিধি-ব্যৱস্থাৰ আৱশ্যক নাই, গতিকে এই পথ কণ্টকহীন।] মুক্তি লাভ কৰিবলৈ আগম, তন্ত্ৰ আদি যিবোৰ ব্যৱস্থা আছে, তাৰ ভিতৰত হৰিনাম কীৰ্ত্তনৰ বাহিৰে আনবোৰ বাৱস্থা বিঘিনি পূৰ্ণ; পৰমেশ্বৰৰ নাম-গুণ কীৰ্ত্তন ফৰ্ম মাত্ৰ বিঘিনি শূন্য; হৰিনাম একান্ত মনে কীৰ্ত্তন কৰিলে সহজতে মুক্তি লাভ কৰিব পাৰি। মুক্তি লাভ কৰিবলৈ আন উপায় অবলম্বন কৰিলে নিয়ম- মতে তাৰ ব্যৱস্থা প্ৰতিপালন নোহোৱাৰ ফলত মুক্তি লাভ নহবও পাৰে। গুপ্তবিং হৰ্নোম লুন্ধবুদ্ধেৰ্ন চাপৰং। অন্যাশাং ত্যজ কৃষ্ণস্য কীৰ্ত্তনং কুৰু তত্ত্বঃ॥ ৩২